ভাৰতীয় ৰে’লৱেৰ দ্বাৰা ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰিচাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যনে স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা ব্যৱস্থাৰ সৃষ্টি কৰিছিল। যাৰ নাম ৰখা হৈছিল কভচ চিষ্টেম। এই কৱচ ব্যৱস্থাৰ কাম ২০১২ চনত আৰম্ভ হৈছিল। ইয়াৰে প্ৰথম পৰীক্ষা ২০১৬ চনত কৰা হৈছিল। সমগ্ৰ ভাৰততে কভচ চিষ্টেম স্থাপনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰই৷
কভচ ব্যৱস্থা হৈছে ইলেক্ট্ৰনিক যন্ত্ৰৰ এটা গোট। যাৰ ফলত ৰেল দুৰ্ঘটনা ৰোধ হয়। ইয়াৰ ৰেডিঅ’ ফ্ৰিকুৱেন্সি চিনাক্তকৰণ যন্ত্ৰ ৰে’ল, ৰে’লপথ, ৰে’লৱে সংকেত ব্যৱস্থা আৰু প্ৰতিটো ষ্টেচনৰ পৰা এক কিলোমিটাৰ দূৰত্বত স্থাপন কৰা হয়। ব্যৱস্থাটোত থকা সকলোবোৰ ব্যৱস্থাই আল্ট্ৰা হাই ৰেডিঅ’ ফ্ৰিকুৱেন্সিৰ জৰিয়তে কাম কৰে।
কৱচে কিয় কাম নকৰিলে?
যদি কোনো ৰে’লৰ চালকে এটা চিগনেল ভাঙি আগবাঢ়ি যায় তেতিয়াই কৱচ ব্যৱস্থা স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ পৰে। কভচ চিষ্টেম সক্ৰিয় হোৱাৰ লগে লগে ৰে’লৰ পাইলটলৈ সতৰ্কবাণী যায়৷ ইয়াৰ পিছত কভচ ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে ৰে’লৰ ব্ৰেক নিয়ন্ত্ৰণ কৰে। কভচেই স্বয়ংক্ৰিয়ভাৱে প্ৰথম ৰেলখন ৰখাই দিয়ে।ভাৰতীয় ৰে’লৱেৰ যিকোনো এটা ট্ৰেকত একে সময়তে দুখন ৰে’ল আহি থাকিলে কভচ ব্যৱস্থা নিজে নিজেই সক্ৰিয় হৈ পৰে। আৰু দুয়োখন ৰে’লৰ সংঘৰ্ষত বাধা দিয়ে।
পশ্চিম বংগৰ জলপাইগুৰিত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাৰ পিছত বহুতৰে মনত প্ৰশ্ন৷ ভাৰতীয় ৰে’লৱে প্ৰস্তুত কৰা Automatic Train Protection System অৰ্থাৎ কভচ ব্যৱস্থাই কিয় ৰেল দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰিলে? বৰ্তমানলৈকে ভাৰতৰ বহু ৰে’লপথত কৱচ ব্যৱস্থা স্থাপন কৰা হোৱা নাই। জলপাইগুৰি পথতো স্থাপন কৰা হোৱা নাই এই ব্যৱস্থা। চৰকাৰে দিয়া তথ্য অনুসৰি দক্ষিণ মধ্য ৰেলৱেৰ ১৪৬৫ কিলোমিটাৰ পথত বৰ্তমান কভচ ব্যৱস্থা আৰু ১৩৯টা ইঞ্জিনত স্থাপন কৰা হৈছে কৱচ চিষ্টেম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ