অসম লাইভ ২৪ঃ ১১ জুনত কোকৰাঝাৰৰ অভয়াখুটিত ২ জনজাতীয় কিশোৰীৰ মৃতদেহ আমগছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷ প্ৰথমে আত্মহত্যা বুলি ধাৰণা কৰা হৈছিল যদিও ই যে দৰাচলতে হত্যাকাণ্ড আছিল তাত কাৰোৰে সন্দেহ নাছিল৷ এই ঘটনাৰে কোকৰাঝাৰ আৰক্ষীয়ে ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰে৷ চাৰ্জশ্বীট অন্তৰ্ভুক্ত কৰে ৩ অভিযুক্তৰ নাম৷ তেওঁলোক মুজাম্মেল শ্বেখ (২০), নছিবুল আলী শ্বেখ (১৯), ফৰিজুল ৰহমান (২২)৷ কোকৰাঝাৰৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে সংবাদমেল৷ এই সংবাদমেলতেই সদৰী কৰে এজাহাৰ, অনুসন্ধানৰ পৰা অভিযোগনামা প্ৰস্তুতলৈ সকলো কথা৷ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত btrৰ ভাৰপ্ৰাপ্ত igp এল আৰ বিষ্ণৱে কয় যে কোভিডৰ বাবে বন্ধ হৈ থকা আদালত খোল খোৱাত ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ’ব আৰু দোষীয়ে শাস্তি পাব৷ তদন্ত কালত আৰক্ষীয়ে বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২টা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সম্পন্ন কৰা মৰণোত্তৰ পৰীক্ষাটো কিশোৰী দুগৰাকী ধৰ্ষণৰ বলি হোৱাৰ প্ৰমাণ পাইছে৷ ইপিনে বিষ্ণৱে কয় যে প্ৰতিষ্ঠিত ব্যৱস্থা অনুযায়ী পৰিয়ালৰ লোকে ক্ষতিপূৰণ লাভ কৰিব৷ ইপিনে আৰক্ষীৰ তদন্তত কালত হত্যাৰ কথা স্বীকাৰ ৩ অভিযুক্তই৷ ধৰ্ষণৰ বলি হোৱা কিশোৰী দুগৰাকীয়ে ঘটনাটো পৰিয়াল তথা ৰাইজক অৱগত কৰাৰ ভাবুকি দিয়ে আৰু তেতিয়াই দুয়োকো হত্যা কৰি ওৰণিৰে গছত ওলোমাই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ কথা স্বীকাৰ ৩ অভিযুক্তৰ৷ ১২ জুনত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ অধ্যক্ষতাত sit গঠন কৰা হৈছিল আৰু ১৩ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগীৰ পৰিয়ালৰ খবৰ ল’বলৈ অভয়াখুটিত উপস্থিত হৈছিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই আৰক্ষীয়ে গ্ৰহণ কৰে ক্ষিপ্ৰতৰ ব্যৱস্থা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















