পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে আই পি এলৰ প্ৰতিষ্ঠাতা ললিত মোদী। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে গ্ৰীচৰ সুন্দৰ আৰু আড়ম্বৰপূৰ্ণ ক্লাবত জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰ আৰু উদ্যোগী লৰেন শ্বৰ্টৰ সৈতে ললিতে ছুটী উপভোগ কৰি আছে।
ইণ্টাৰনেটত ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰম্ভ হয় বিভিন্ন প্ৰতিক্ৰিয়া। একাংশ অনুৰাগীয়ে ললিতৰ আড়ম্বৰপূৰ্ণ আৰু বিলাসী জীৱনশৈলীক প্ৰশংসা কৰাৰ বিপৰীতে আন কিছুমানে ক্ৰিকেট জগতলৈ তেওঁৰ অৱদানৰ কথা সোঁৱৰাই দিয়ে। কিন্তু নেটিজেনৰ এটা অংশই তেওঁক সমালোচনা কৰাটো বন্ধ কৰা নাছিল; তেওঁলোকে বিগত বিত্তীয় কেলেংকাৰী আৰু আইনী বিতৰ্কৰ বিষয়টো উত্থাপন কৰিছিল।
ললিত মোদীৰ জীৱনত এনেধৰণৰ ৰঙীন মুহূৰ্ত আৰু সম্পৰ্কৰ এনে চৰ্চা নতুন নহয়। ইয়াৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে তেওঁৰ অন্তৰংগ ছবিৰে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। সেই সময়ত সুষমিতাক ‘গোল্ড ডিগাৰ’ বুলি বহুতে উপহাস কৰিছিল। অৱশ্যে এই বিতৰ্কৰ প্ৰতি ললিতে নিজেই মুখ ফুটাই ভাষাৰে প্ৰত্যুত্তৰ দিছিল। তেওঁ স্পষ্টকৈ কৈছিল, “সুস্মিতা আত্মনিৰ্ভৰশীল। তেওঁ হীৰাৰ বিশাল ব্যৱসায় আছে। মই তেওঁৰ বাবে এটকাও খৰচ কৰা নাছিলো, বৰঞ্চ তেওঁ মোৰ যত্ন লৈছিল।”
কিন্তু সুস্মিতাৰ অধ্যায় এতিয়া শেষ। গ্ৰীচত গায়িকা কনিকা কাপুৰৰ সৈতে ললিতৰ এই বিশেষ মুহূৰ্তটো পোহৰলৈ অহাৰ লগে লগে মনোৰঞ্জন সমাজত এটা প্ৰশ্ন উত্থাপিত হৈছে- ললিতে এইবাৰ কনিকাৰ সৈতে নতুন সম্পৰ্কত আহিল নেকি?
যদিও এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। অৱশ্যে কিছুদিন পূৰ্বে ললিত মোদীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত জুলাই মাহক ‘পাৰ্টি মাহ’ বুলি অভিহিত কৰিছিল। তাত তেওঁ কণিকা কাপুৰৰ সৈতে একেলগে মিউজিক ভিডিঅ’ নিৰ্মাণৰ সম্ভাৱনাৰ ইংগিত দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















