অসম লাইভ ২৪ঃ কেৱল গাড়ীৰ হৰ্ণেই নহয় এম্বুলেঞ্চ আৰু আৰক্ষীৰ বাহনতো চাইৰেণৰ সলনি বাজিব সুমধুৰ সংগীত৷ শীঘ্ৰেই বাধ্যতামূলক হ’ব এই নিয়ম৷ সোমবাৰে এক ৰাষ্ট্ৰীয় ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশ লৈ এই কথা ঘোষণা কৰে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ পূৰ্বেই গাড়ীৰ হৰ্ণসমূহৰ ক্ষেত্ৰত বৰ্তমানৰ শব্দৰ পৰিৱৰ্তে ভাৰতীয় বাদ্যযন্ত্ৰৰ শব্দলৈ সলনি কৰাৰ কথা উল্লেখ কৰিছিল নীতিন গাডকাৰীয়ে৷ ইয়াৰ উপৰি এম্বুলেঞ্চ আৰু আৰক্ষীৰ বাহনতো চাইৰেণৰ সলনি অল ইণ্ডিয়া ৰেডিঅ’ৰ ‘আকাশবাণী’ত সম্প্ৰচাৰিত এক বিশেষ সংগীতৰ সুৰ ব্যৱহাৰ কৰা হ’ব বুলি সোমবাৰে ঘোষণা কৰে পৰিবহন মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়, ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ ‘আকাশবাণী’ত পুৱা সম্প্ৰচাৰিত এক বিশেষ সংগীতৰ সুৰ ব্যৱহাৰ কৰাৰ কথা ভাবিছো৷ এম্বুলেঞ্চত এই সুৰ ব্যৱহাৰ কৰিলে মানুহে শান্তি অনুভৱ কৰিব৷ ইয়াৰ উপৰি কোনো মন্ত্ৰী কাষেৰে পাৰ হৈ গ’লে উচ্চ স্বৰৰ চাইৰেণৰ শব্দই মানুহক বিৰক্তিকৰ কৰি তুলে আৰু এই শব্দ কাণৰ বাবেও ক্ষতিকাৰক’৷ গতিকে সাধাৰণ বাহনৰ উপৰি এম্বুলেঞ্চ আৰু আৰক্ষীৰ বাহনতো শীঘ্ৰেই সলনি হ’ব চাইৰেণৰ শব্দ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















