জ্যোতিষশাস্ত্ৰত বুধ আৰু শুক্ৰ দুটা অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ৷ শুক্ৰ হৈছে প্ৰেম, সৌন্দৰ্য আৰু সম্পদৰ কাৰক গ্ৰহ৷ আৰু বুধ হৈছে জ্ঞান, বুদ্ধি, বাচন ক্ষমতা আৰু মেধাৰ কাৰক গ্ৰহ৷ বুধ আৰু শুক্ৰ কাষলৈ আহিলে অত্যন্ত শুভ লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হয়৷ আগন্তুক ২০ ডিচেম্বৰ শনিবাৰে ধনু ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ইয়াৰ ঠিক পাছতেই ২৯ ডিচেম্বৰত ধনু ৰাশিলৈ যাব বুধ৷ এই দুই গ্ৰহৰ মিলনত আগন্তুক ২৯ তাৰিখৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হব৷ এই ৰাজযোগ সম্পদ, সমৃদ্ধি আৰু জ্ঞানৰ প্ৰতীক৷ বছৰৰ শেষত এই ৰাজযোগৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি, ব্যৱসায়ত লাভ, বিনিয়োগৰ পৰা মুনাফা আৰু পৰীক্ষাত ভাল ফল লাভ কৰিব এই তিনি ৰাশিৰ জাতকে৷ জানি থওক তালিকাত কোন কোন আছে?
মেষ ৰাশি
লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত ২০২৫ চনৰ শেষত দুৰ্দান্ত আৰ্থিক লাভ কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে৷ এই যোগৰ প্ৰভাৱত আপুনি সৃজনশীল কামতো উন্নতি কৰিব পাৰে৷ আকৰ্ষণ ক্ষমতা বাঢ়িব মেষৰ জাতকক৷ বহুতৰে আপোনাৰ সৈতে বন্ধুত্ব হব পাৰে৷ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ ঘৰত সুখৰ পৰিবেশ থাকিব৷ সমাজত আৰু কৰ্মস্থলত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷
ধনু ৰাশি
২০২৫ৰ শেষত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত যি কামত হাত দিব তাতেই সাফল্য পাব ধনু ৰাশিৰ জাতকে৷ জীৱনসংগীৰ সৈতে কোনো ভুল বুজাবুজি থাকিলে এই সময়ত দূৰ হব৷ আপোনাৰ মাজত ভালপোৱা আৰু ঘনিষ্ঠতা বাঢ়িব৷ সংগীতৰ জগতত আপোনাৰ নাম আৰু খ্যাতি বাঢ়িব৷ শিল্প সাহিত্যতো সাফল্য পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হব ধনু ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ কাৰোবাৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ বিনিয়োগৰ পৰা লাভ হব৷ দাম্পত্যত মাধুৰ্য থাকিব৷
মকৰ ৰাশি
অৰ্থ উপাৰ্জন কৰাৰ নতুন সুযোগ আহিব মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ এই সময়ত আপোনাৰ আয় ৰকেট গতিত বাঢ়িব৷ নতুন ঘৰ, বাহন, সোন-ৰূপৰ গহনা কিনিব পাৰে৷ আৰ্থিক সমৃদ্ধি লাভৰ একাধিক সম্ভাৱনা আপোনাৰ সন্মুখত খুলি যাব৷ জীৱনত বেছ কিছু ক্ষেত্ৰত পজিটিভ পৰিবৰ্তন আহিব৷ অফিচত পদোন্নতি হব পাৰে৷ বজাৰত ৰৈ থকা ধন এই সময়ত লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















