টেলিভিচন জগতৰ আগশাৰীৰ অভিনেত্ৰীক ৰং লগোৱাৰ চলেৰে…,সহ অভিনেতাৰ বিৰুদ্ধে অভিযোগ
মুম্বাইত হোলী পাৰ্টিৰ সময়ত টেলিভিচন জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীক ৰঙ লগোৱাৰ অজুহাতত সহ অভিনেতাই নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। এই ঘটনাই অভিনেত্ৰীগৰাকীক মানসিকভাৱে আঘাত কৰাই নহয় সমগ্ৰ উদ্যোগটোত এনেধৰণৰ ঘটনাক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে।
এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ পশ্চিম উপকণ্ঠ অঞ্চলত হোলী পাৰ্টিৰ সময়ত। অভিনেত্ৰীগৰাকীৰ মতে, অভিযুক্ত অভিনেতাজনে মদ্যপান কৰি পাৰ্টিলৈ আহি অভিনেত্ৰীগৰাকীৰ ওপৰত বলপূৰ্বক ৰং নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল।
অভিনেত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাৰ পিছতে সেই স্থানৰ পৰা নিজকে আঁতৰাই নিয়ে, যদিও অভিযুক্তই পিছ নেৰি পিছে পিছে খেদি গৈ জোৰকৈ অভিনেত্ৰীৰৰ শৰীৰত ৰং সানে। অভিযুক্তৰ পৰা পুনৰ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও অভিনেতাগৰাকীয়ে তেওঁক অনুসৰণ কৰি হাৰাশাস্তি কৰি থাকিল।
কেৱল সিমানেই নহয়, পিছত অভিযুক্তই অভিনেত্ৰীক, ‘মই তোমাক ভাল পাওঁ আৰু চাওঁ কোনে তোমাক মোৰ পৰা ৰক্ষা কৰিব।’ বুলি কৈ অভিনেত্ৰীৰ শৰীৰৰ আন অংশবোৰো অনুচিতভাৱে স্পৰ্শ কৰিবলৈ ধৰে।
ঘটনাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে ততাতৈয়াকৈ আৰক্ষীৰ সৈতে যোগাযোগ কৰি অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। এই বিষয়ত আৰক্ষীয়ে অভিযুক্তক আইনী জাননী প্ৰেৰণ কৰাৰ লগতে পাৰ্টিত উপস্থিত থকা আন অতিথিসকলৰ বক্তব্যও লিপিবদ্ধ কৰি ৰাখে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু চিচিটিভি ফুটেজৰ সহায়ত প্ৰমাণ সংগ্ৰহ কৰিছে।
উল্লেখ্য যে, নিজৰ সুৰক্ষাজনিত কাৰণত অভিনেত্ৰীগৰাকীয়ে নিজৰ পৰিচয় দাঙি ধৰাৰ পৰা বিৰত থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ