• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাহনত উঠিলেই বমি বমি ভাৱ আহে, মূৰ ঘূৰাই? কিয় এই সমস্যাই দেখা দিয়ে? কেনেকৈ এই সমস্যাৰ পৰা মুক্তি পাব?

বাহনত উঠিলেই বমি বমি ভাৱ আহে, মূৰ ঘূৰাই? কিয় এই সমস্যাই দেখা দিয়ে? কেনেকৈ এই সমস্যাৰ পৰা মুক্তি পাব?

8 months ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

1 hour ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

2 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

2 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

2 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

3 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

4 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

4 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

5 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

6 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

6 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাহনত উঠিলেই বমি বমি ভাৱ আহে, মূৰ ঘূৰাই? কিয় এই সমস্যাই দেখা দিয়ে? কেনেকৈ এই সমস্যাৰ পৰা মুক্তি পাব?

বাহনত উঠিলেই বমি বমি ভাৱ আহে, মূৰ ঘূৰাই? কিয় এই সমস্যাই দেখা দিয়ে? কেনেকৈ এই সমস্যাৰ পৰা মুক্তি পাব?

editor by editor
July 24, 2025
in জীৱনশৈলী, ভাৰত
0
বাহনত উঠিলেই বমি বমি ভাৱ আহে, মূৰ ঘূৰাই? কিয় এই সমস্যাই দেখা দিয়ে? কেনেকৈ এই সমস্যাৰ পৰা মুক্তি পাব?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বাহনত ভ্ৰমণ কৰাৰ সময়ত বমি বমি ভাৱ আৰু বমিৰ সমস্যা খুবেই সাধাৰণ, যাক মোছন ছিকনেছ বুলি কোৱা হয়৷ শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত ভ্ৰমণৰ সময়ত বমিৰ সমস্যাই বেছিকৈ দেখা যায়৷ ইয়াক প্ৰতিৰোধ কৰা সম্ভৱ৷ ভ্ৰমণ কৰিবলৈ বেছিভাগ মানুহেই ভালপায় কিন্তু বহুতেই বাহনেৰে ভ্ৰমণ কৰিবলৈ ভয় কৰাৰ একমাত্ৰ কাৰণ হৈছে বাহনত উঠিলেই বমি বমি ভাৱ আহিবলৈ আৰম্ভ হোৱা৷ ভ্ৰমণৰ সময়ত বমি হোৱাৰ সমস্যা অত্যন্ত সাধাৰণ৷ কিছু লোকে বমিৰ ভয়তেই ভ্ৰমণ কৰিব নোখোজে আৰু যদি ভ্ৰমণ কৰেও তেন্তে বাছতকৈ ট্ৰেইন পছন্দ কৰে৷ ইয়াতেই প্ৰশ্ন হয় বাছ বা সৰু গাড়ীত উঠিলে কিয় বমি হয়?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বাহনত ভ্ৰমণ কৰাৰ সময়ত বমি অহাৰ সমস্যাক মোছন ছিকনেছ বুলি কোৱা হয়৷ এই সমস্যা তেতিয়াই হয় যেতিয়া আমাৰ মস্তিষ্কই শৰীৰৰ অৱস্থা আৰু চকুৰ পৰা প্ৰাপ্ত তথ্যত অসামঞ্জস্যৰ মুখামুখি হয়৷ যেনে আমি বাহনত বহি আছো আৰু বাহনখনে দ্ৰুত গতিত চলিবলৈ আৰম্ভ কৰিছে তেতিয়াই শৰীৰে ধাৰণা কৰে যে আমি স্থিৰেই আছো৷ অথচ আমাৰ চকুৱে দ্ৰুত গতিৰ আভাস পায়৷ এই অসামঞ্জস্যতাই আমাৰ স্নায়ুতন্ত্ৰক বিভ্ৰান্ত কৰে আৰু ইয়াৰ ফলত বমি বা মূৰ ঘূৰোৱা আৰম্ভ হয়৷ কিছু লোকে মোছন ছিকনেছৰ প্ৰতি অত্যধিক সংবেদনশীল হয়৷ শিশু, বয়স্ক আৰু গৰ্ভৱতী মহিলাসকলৰ মোছন ছিকনেছৰ কাৰণে বমি আৰু মূৰ ঘূৰোৱা সমস্যা বেছি হয়৷ যিসকল মোছন ছিকনেছৰ প্ৰতি বেছি সংবেদনশীল নহয় তেওঁলোকৰ সাধাৰণতে বমি নহয়৷
ইয়াৰোপৰি বাহনৰ ভিতৰৰ পৰিবেশো বমিৰ কাৰণ হব পাৰে৷ যদি বাহনত সতেজনা নাথাকে আৰু বতাহত দুৰ্গন্ধ থাকে তেতিয়াই বমিৰ সমস্যা বাঢ়িব পাৰে৷ বাহনত পৰ্যাপ্ত বতাহ চলাচল নকৰিলেও এই সমস্যাই দেখা দিব পাৰে৷ ভ্ৰমণৰ সময়ত বমি এৰাবলৈ ভালধৰণে বাহনৰ ভিতৰখন পৰিষ্কাৰ কৰা জৰুৰী৷ মোছন ছিকনেছৰ লক্ষণসমূহ সাধাৰণতে বমি, মূৰ ঘূৰোৱা, মূৰৰ বিষ, ঘাম ওলোৱা আৰু কেতিয়াবা কেতিয়াবা পাতল ক্লান্তিভাৱো আহে৷ যেতিয়াই এই সমস্যা বাঢ়ি যায় তেতিয়াই ব্যক্তিয়ে ভৰিত দুৰ্বলতা অনুভৱ কৰে আৰু বিশ্ৰাম বিচাৰে৷ এই অৱস্থাই কেৱল ব্যক্তিক শাৰীৰিকভাৱেই প্ৰভাৱিত নকৰে, বৰং মানসিক অৱস্থাকো বেয়া কৰিব পাৰে৷ কাৰণ ক্ৰমাগত বমি আৰু মূৰ ঘূৰোৱাৰ কাৰণে উদ্বেগ আৰু মানসিক চাপ বাঢ়িব পাৰে৷
বাহনত উঠিলেই বমি হোৱাৰ স্বভাৱ এৰাবৰ বাবে সাধাৰণ কিছু উপায় অৱলম্বন কৰিব পাৰে৷ ভ্ৰমণ কৰাৰ পূৰ্বে ভাৰী আৰু মছলাজাতীয় খাদ্য এৰাই চলক৷ পাতল খাদ্য যেনে ফল, চালাদ, ছুপ আদি খাব পাৰে৷ বাহনৰ খিৰিকি খুলি ৰাখক যাতে ফ্ৰেছ বতাহ গাত লাগে৷ ইয়াৰ ফলত শৰীৰে আৰাম পায় আৰু বমিৰ লক্ষণ কমে৷
সম্ভৱ হলে সন্মুখৰ ছীটত বহিব, কাৰণ যেতিয়া আপুনি বাহনৰ সন্মুখৰ দিশত চাই যাত্ৰা কৰে তেতিয়া চকু আৰু মস্কিষ্কৰ মাজত ভাৰসাম্যহীনতা কম হয়৷ যাত্ৰাৰ সময়ত সন্মুখৰ দিশত মনোযোগ দিয়ক৷ কোনো স্থিৰ বস্তু বা দূৰৈৰ দৃশ্যৰ দিশে নজৰ ৰাখক যাতে মস্তিষ্কই সঠিক তথ্য লাভ কৰে৷ কিছু লোকে বমি বমি ভাৱ আৰু বমি বন্ধ কৰিবলৈ ঔষধ ব্যৱহাৰ কৰে৷ মোছ চিকনেছৰ বাবে বহু ঔষধ আছে৷ আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ ভ্ৰমণৰ সময়ত মোছন ছিকনেছৰ ঔষধ লব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত…

হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত...

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.