বাহনত ভ্ৰমণ কৰাৰ সময়ত বমি বমি ভাৱ আৰু বমিৰ সমস্যা খুবেই সাধাৰণ, যাক মোছন ছিকনেছ বুলি কোৱা হয়৷ শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত ভ্ৰমণৰ সময়ত বমিৰ সমস্যাই বেছিকৈ দেখা যায়৷ ইয়াক প্ৰতিৰোধ কৰা সম্ভৱ৷ ভ্ৰমণ কৰিবলৈ বেছিভাগ মানুহেই ভালপায় কিন্তু বহুতেই বাহনেৰে ভ্ৰমণ কৰিবলৈ ভয় কৰাৰ একমাত্ৰ কাৰণ হৈছে বাহনত উঠিলেই বমি বমি ভাৱ আহিবলৈ আৰম্ভ হোৱা৷ ভ্ৰমণৰ সময়ত বমি হোৱাৰ সমস্যা অত্যন্ত সাধাৰণ৷ কিছু লোকে বমিৰ ভয়তেই ভ্ৰমণ কৰিব নোখোজে আৰু যদি ভ্ৰমণ কৰেও তেন্তে বাছতকৈ ট্ৰেইন পছন্দ কৰে৷ ইয়াতেই প্ৰশ্ন হয় বাছ বা সৰু গাড়ীত উঠিলে কিয় বমি হয়?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বাহনত ভ্ৰমণ কৰাৰ সময়ত বমি অহাৰ সমস্যাক মোছন ছিকনেছ বুলি কোৱা হয়৷ এই সমস্যা তেতিয়াই হয় যেতিয়া আমাৰ মস্তিষ্কই শৰীৰৰ অৱস্থা আৰু চকুৰ পৰা প্ৰাপ্ত তথ্যত অসামঞ্জস্যৰ মুখামুখি হয়৷ যেনে আমি বাহনত বহি আছো আৰু বাহনখনে দ্ৰুত গতিত চলিবলৈ আৰম্ভ কৰিছে তেতিয়াই শৰীৰে ধাৰণা কৰে যে আমি স্থিৰেই আছো৷ অথচ আমাৰ চকুৱে দ্ৰুত গতিৰ আভাস পায়৷ এই অসামঞ্জস্যতাই আমাৰ স্নায়ুতন্ত্ৰক বিভ্ৰান্ত কৰে আৰু ইয়াৰ ফলত বমি বা মূৰ ঘূৰোৱা আৰম্ভ হয়৷ কিছু লোকে মোছন ছিকনেছৰ প্ৰতি অত্যধিক সংবেদনশীল হয়৷ শিশু, বয়স্ক আৰু গৰ্ভৱতী মহিলাসকলৰ মোছন ছিকনেছৰ কাৰণে বমি আৰু মূৰ ঘূৰোৱা সমস্যা বেছি হয়৷ যিসকল মোছন ছিকনেছৰ প্ৰতি বেছি সংবেদনশীল নহয় তেওঁলোকৰ সাধাৰণতে বমি নহয়৷
ইয়াৰোপৰি বাহনৰ ভিতৰৰ পৰিবেশো বমিৰ কাৰণ হব পাৰে৷ যদি বাহনত সতেজনা নাথাকে আৰু বতাহত দুৰ্গন্ধ থাকে তেতিয়াই বমিৰ সমস্যা বাঢ়িব পাৰে৷ বাহনত পৰ্যাপ্ত বতাহ চলাচল নকৰিলেও এই সমস্যাই দেখা দিব পাৰে৷ ভ্ৰমণৰ সময়ত বমি এৰাবলৈ ভালধৰণে বাহনৰ ভিতৰখন পৰিষ্কাৰ কৰা জৰুৰী৷ মোছন ছিকনেছৰ লক্ষণসমূহ সাধাৰণতে বমি, মূৰ ঘূৰোৱা, মূৰৰ বিষ, ঘাম ওলোৱা আৰু কেতিয়াবা কেতিয়াবা পাতল ক্লান্তিভাৱো আহে৷ যেতিয়াই এই সমস্যা বাঢ়ি যায় তেতিয়াই ব্যক্তিয়ে ভৰিত দুৰ্বলতা অনুভৱ কৰে আৰু বিশ্ৰাম বিচাৰে৷ এই অৱস্থাই কেৱল ব্যক্তিক শাৰীৰিকভাৱেই প্ৰভাৱিত নকৰে, বৰং মানসিক অৱস্থাকো বেয়া কৰিব পাৰে৷ কাৰণ ক্ৰমাগত বমি আৰু মূৰ ঘূৰোৱাৰ কাৰণে উদ্বেগ আৰু মানসিক চাপ বাঢ়িব পাৰে৷
বাহনত উঠিলেই বমি হোৱাৰ স্বভাৱ এৰাবৰ বাবে সাধাৰণ কিছু উপায় অৱলম্বন কৰিব পাৰে৷ ভ্ৰমণ কৰাৰ পূৰ্বে ভাৰী আৰু মছলাজাতীয় খাদ্য এৰাই চলক৷ পাতল খাদ্য যেনে ফল, চালাদ, ছুপ আদি খাব পাৰে৷ বাহনৰ খিৰিকি খুলি ৰাখক যাতে ফ্ৰেছ বতাহ গাত লাগে৷ ইয়াৰ ফলত শৰীৰে আৰাম পায় আৰু বমিৰ লক্ষণ কমে৷
সম্ভৱ হলে সন্মুখৰ ছীটত বহিব, কাৰণ যেতিয়া আপুনি বাহনৰ সন্মুখৰ দিশত চাই যাত্ৰা কৰে তেতিয়া চকু আৰু মস্কিষ্কৰ মাজত ভাৰসাম্যহীনতা কম হয়৷ যাত্ৰাৰ সময়ত সন্মুখৰ দিশত মনোযোগ দিয়ক৷ কোনো স্থিৰ বস্তু বা দূৰৈৰ দৃশ্যৰ দিশে নজৰ ৰাখক যাতে মস্তিষ্কই সঠিক তথ্য লাভ কৰে৷ কিছু লোকে বমি বমি ভাৱ আৰু বমি বন্ধ কৰিবলৈ ঔষধ ব্যৱহাৰ কৰে৷ মোছ চিকনেছৰ বাবে বহু ঔষধ আছে৷ আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ ভ্ৰমণৰ সময়ত মোছন ছিকনেছৰ ঔষধ লব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ