অসম লাইভ২৪ঃ সিংহ ৰাশিৰ গ্ৰহ অধিপতি হৈছে সূৰ্য। সিংহ ৰাশিক কোৱা হয় সকলো ৰাশিৰ ভিতৰতেই মহাৰজা। এই ৰাশিৰ জাতক যেনেদৰে সাহসী তেনেদৰে আত্মবিশ্বাসীও। এওঁলোকৰ প্ৰচুৰ এনাৰ্জী আৰু নেতৃত্ব দিব পৰা ক্ষমতা থাকে। কিন্তু জীৱনসংগী হিচাপে এই ৰাশিৰ জাতকসকল কেনেকুৱা?
প্ৰৱল আৱেগপ্ৰবণতা
সিংহ ৰাশিৰ জাতকসকল আৱেগপ্ৰবণ হয়। এওঁলোকে যি কামেই নকৰক কিয় প্ৰাণঢালি কৰে। সম্পৰ্কৰ ক্ষেত্ৰতো এওঁলোক খুবেই আৱেগিক। এই ৰাশিৰ ব্যক্তিয়ে সংগীক যথেষ্ট ভালপায়। সংগীৰ হাতত ধৰিয়েই সকলো কামতে আগবাঢ়ে এই ৰাশিৰ জাতক।
দয়াশীল
সিংহ ৰাশিৰ জাতক অত্যন্ত দয়াবান হয়। এওঁলোকৰ হৃদয় বৰ উদাৰ। জীৱনসংগী যাতে সুখত থাকে তাৰবাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰে এই ৰাশিৰ জাতকে। জীৱনসংগীয়ে যাতে কোনো কষ্ট নাপায় তাৰবাবে তেওঁলোক সদা সতৰ্ক।
ব্যক্তিত্ব
সিংহ ৰাশিৰ জাতকৰ ব্যক্তিত্বও চকুতলগা। নিজৰ কামেৰে এওঁলোকে সকলোৰে দৃষ্টিত ধৰা দিয়ে। যতেই থাকে তাতেই সকলোৰে মধ্যমণি হৈ থাকে। অত্যন্ত ৰসালো হয় এই ৰাশিৰ জাতক। সকলোৰে সৈতে ভালধৰণে সম্পৰ্ক বৰ্তাই ৰাখিব জানে। কিন্তু কিছু পৰিমাণে স্বাৰ্থপৰো হয় এই ৰাশিৰ জাতক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ