অসম লাইভ ২৪ঃ বিশ্বৰ প্ৰায় প্ৰতিগৰাকী মহিলাই ব্যৱহাৰ কৰে লিপষ্টিক। লিপষ্টিক অবিহনে আধৰুৱা হৈ ৰয় নাৰীৰ মেকআপ। মহিলাই মেকআপৰ সময়ত বাকী প্ৰসাধন লগাওক না নলগাওক, লিপষ্টিক কিন্তু অনিবার্য। এইটো কথাত কোনো সন্দেহ নাই যে লিপষ্টিকে মহিলাৰ সৌন্দর্য যথেষ্টগুণে বৃদ্ধি কৰে। শেহতীয়াভাৱে আমেৰিকাত হোৱা এক গৱেষণাত পোহৰলৈ আহিছে যে এগৰাকী মহিলাই ১ বছৰত ২২ গ্ৰাম লিপষ্টিক খায়। লিপষ্টিক লগোৱাৰ পিছত আহাৰ খোৱা তথা চাহ, পানী, ড্ৰিংকছ আদি গ্ৰহণ কৰাৰ সময়ত অনিশ্বাকৃতভাৱে লপিষ্টিক শৰীৰ ভিতৰলৈ যায়। ফলত বাহ্যিক সৌন্দর্য বৃদ্ধি কৰা লিপষ্টিকে শৰীৰ ভিতৰ অংশ দিনক দিনে ফোঁপোলা কৰি তোলে। কিয়নো লিপষ্টিকত ‘ফ্লোৰিন’ নামৰ এক কেমিকেল ব্যৱহাৰ কৰা হয়। যিটো শৰীৰ বাবে বিহতুল্য। আৰু পৃথিৱীৰ প্ৰায়বোৰ নামী-দামী লিপষ্টিক কোম্পানীয়ে এই কেমিকেলবিধ ব্যৱহাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ