ভাৰতীয় চিনেমাৰ সবাতোকৈ দানী কোন, বছৰি ৩০ কোটি দান, প্ৰাণ ৰক্ষা কৰিছে বহুতৰে
ভাৰতীয় চিনেমাৰ বহু জনপ্ৰিয় তাৰকা আছে, যাৰ অগনন অনুৰাগী আছে, তাৰে বহু তাৰকাই সময়ে সময়ে ধনেৰে সহায় সহযোগ কৰি আহিছে। অক্ষয় কুমাৰে প্ৰতিবাৰেই বানপানীত কোটি কোটি টাকৰে সহায় কৰে বৰ্নাত্যক। কোভিডৰ সময়ত ভগৱানৰ দুত হৈ আহিছিল চনু ছুড।
আৰু তেনে বহু তাৰকা আছে যিয়ে সময়ে সময়ে বহু লোক বিপদত সহায় কৰি আহিছে। পাছে এই সকলো তাৰকাৰ শীৰ্ষত এগৰাকী এনে তাৰকা আছে, যিয়ে নিজৰ দানৰ কথা কেতিয়াও শিৰেনাম দখল কৰিবৰ বাবে নকৰে। প্ৰতি বছৰে ৩০ কোটিকৈ টকা দান কৰে দুখিয়া – দৰিদ্ৰ- ৰোগীৰ নামত।
পাছে সেই অভিনেতাগৰাকী অক্ষয় কুমাৰ কিম্বা চনু ছুড নহয়, তিনি খান আমিৰ, ছলমান, শ্বাহৰুখো নহয়, অমিতাভ বচ্চনো নহয়, নহয় কোনো অভিনেত্ৰীয়ো। সেই মহাদানী গৰাকী অন্য হে।
বিশ্বজুৰি ‘প্ৰিন্স অৱ টলীউড’ নামেৰে পৰিচিত সেই অভিনেতাগৰাকী হৈছে মহেশ বাবু। তেলেগু চিনেমাৰ ছুপাৰষ্টাৰ মহেশ বাবু ভাৰতৰ আটাইতকৈ দাতব্য অভিনেতা। মহেশ বাবুৱে তেওঁৰ দুটা দশকৰ দীঘলীয়া কেৰিয়াৰত ৪০খনতকৈও অধিক ছবিত কাম কৰিছে। তেওঁ এগৰাকী চলচ্চিত্ৰ প্ৰযোজকো। তেওঁৰ এটা বিশেষত্ব হ’ল তেওঁ কেতিয়াও ৰিমেক ছবিত কাম নকৰে।
তেওঁ নিজৰ কষ্টৰ জৰিয়তে কোটি কোটি মূল্যৰ ধন-সম্পত্তি অৰ্জন কৰিছে। খবৰ অনুসৰি অভিনেতাগৰাকীয়ে বাৰ্ষিক আয়ৰ ৩০% দান কৰে, যিটো বৰ্তমান প্ৰতি বছৰে ২৫-৩০ কোটি টকা হয়।
মহেশ বাবুৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩৫ কোটি টকা। তেওঁ বাস কৰা হায়দৰাবাদৰ বাংলোটোৰ মূল্য ৩০ কোটি টকা। জুবিলী হিলছত অৱস্থিত এই ঘৰটোত বিশ্বৰ সকলো সুবিধা উপলব্ধ। তেওঁৰ হাতত আছে ৭ কোটি টকাৰ ভেনিটি ভ্যান। ২০১৩ চনৰ ‘সীতম্মা ভাকিলো ছিৰিমালে চেট্টু’ ছবিৰ শ্বুটিংৰ সময়ত তেওঁ এই ভ্যানখন ক্ৰয় কৰিছিল।
তেওঁ কেইবাটাও বেচৰকাৰী সংস্থাৰ সৈতেও জড়িত হৈ আছে, ইয়াৰে কিছুমান সংগঠন তেওঁ নিজেই চলায়, ইয়াৰে এটা হৈছে ৰামধেনু শিশু চিকিৎসালয়, য’ত তেওঁ দৰিদ্ৰ শিশুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাত সহায় কৰে। এতিয়ালৈকে অভিনেতাগৰাকীয়ে এই পদক্ষেপৰ জৰিয়তে হাজাৰৰো অধিক শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছে। অভিনেতাজনে নিজৰ জন্ম গাঁওকে ধৰি দুখন গাঁও দত্তক গ্ৰহণ কৰিছে, য’ত তেওঁ পথ, বিদ্যুৎ, বিদ্যালয়, স্বাস্থ্য সুবিধাকে ধৰি সকলো আন্তঃগাঁথনি যোগান ধৰিছে।
মহেশ বাবুক দক্ষিণৰ আটাইতকৈ ধনী অভিনেতা হিচাপে গণ্য কৰা হয়। এখন ছবিৰ বাবে তেওঁ ৫৫ কোটি টকা পৰ্যন্ত ধন লয়, আনহাতে বিজ্ঞাপনৰ বাবেও ১৫ৰ পৰা ২০ কোটি টকা লয়। মহেশ বাবুৰ নিজাকৈ প্ৰডাকচন হাউচো আছে। মহেশ বাবুক ফেমিলি মেন বুলি কোৱা হয়। কিয়নো কেতিয়াও কোনো অভিনেত্ৰীৰ লগত তেঁওৰ নাম সাঙোৰ খোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















