বিশ্বৰ একাধিক দেশৰ এথলিটসকলক লৈ তৈয়াৰ হৈছে অলিম্পিকৰ ৰিফিউজি দল৷ প্ৰাণ ভীক্ষাৰ বাবে যিসকলে দেশ এৰি বিদেশত আশ্ৰয় লৈছে তেওঁলোকক লৈয়েই তৈয়াৰ হৈছে ৰিফিউজি দল৷ সেই ৰিফিউজি দলৰেই এগৰাকী অন্যতম সদস্য হৈছে ডোমিনিক লোবালু৷ শৈশৱৰ পৰাই ডোমিনিক লোবালুৰ ইচ্ছা আছিল, এগৰাকী ফুটবলাৰ হোৱা৷ বিপক্ষৰ ডিফেন্স ভাঙি গ’ল কৰাৰ সপোন আছিল এইগৰাকী খেলুৱৈৰ৷ কিন্তু দক্ষিণ ছুডানৰ গৃহযুদ্ধৰ বাবে তেওঁৰ সেই ইচ্ছা বাস্তৱায়ন নহ’ল৷
তেওঁৰ বয়স তেতিয়া মাত্ৰ ৯বছৰ হৈছিল৷ সেই সময়তেই তেওঁ পিতৃ-মাতৃক হেৰুৱাই৷ গৃহযুদ্ধৰ বাবে অনাথ হোৱা লোবালুৰ ঠাই হয় অনাথ আশ্ৰম৷ এক দশক তেওঁ থাকে অনাথ আশ্ৰমত৷ ইয়াৰপাছতেই তেওঁ কেনিয়ালৈ যায়৷ এই সন্দৰ্ভত লোবালুৱে কয়, ‘মই ২০০৭ চনৰ পৰা ঘৰলৈ যোৱা নাই৷ কিন্তু মোৰ ভাইটী-ভন্টীৰ সৈতে কথা হয়৷ তেওঁলোকো কেনিয়াতেই আছে৷ তাতেই ৰিফিউজি কেম্পতেই আছে৷ স্বাভাৱিক জীৱন এতিয়াও অহা নাই৷’
লোবালুৱে জীৱনত কাহানিও দৌৰবিদ হোৱাৰ কথা ভৱা নাছিল৷ কিন্তু দৌৰবিদ হোৱাৰ সিদ্ধান্ত তেওঁ হঠাৎ লবলগীয়া হয়৷ এই সন্দৰ্বত লোবালুৱে কয়, ‘মই এথলেটিক্স বুজিব পাৰিলো যেতিয়া মই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিলো৷ মই ফুটবল খেলাৰ চেষ্টা কৰিছিলো৷ কিন্তু ফুটবলত ভাল নাছিলো৷ যেতিয়া দৌৰিলো তেতিয়া দেখিলো মই ভাল দৌৰবিদ হ’ব পাৰিম৷ মই তেতিয়াই মানসিকভাৱে সিদ্ধান্ত ল’লো যে, ফুটবলক লৈ বেছিদূৰ আগুৱাব নোৱাৰিম৷ মই দৌৰত নজৰ দিয়াই ভাল৷ মো ফাৰাহক দেখি মই অলিম্পিকৰ সপোন দেখিবলৈ আৰম্ভ কৰে৷ দৌৰ ভালপোৱাৰ পাছতেই পেছা হিচাপে বাছি লোৱাত ফাৰাহেই অনুপ্ৰেৰণা৷ তেওঁ কয়, ‘২০১২ চনত লণ্ডন অলিম্পিক্সত মই যেতিয়া মো ফাৰাহক ১০ হাজাৰ মিটাৰ জিকা দেখিলে তেতিয়া মোৰ চকুলৈ পানী আহি গৈছিল৷ মোৰ মনক প্ৰশ্ন জাগিছিল, কেনেকৈ তেওঁ ধীৰ গতিত আৰম্ভ কৰি শেষত জয়ী হয়গৈ?’
ফাৰাহৰ জীৱনৰ সৈতে মিল
মো ফাৰাহে ছোমালিয়া এৰি ব্ৰিটেইনত আশ্ৰয় লৈছিল৷ আৰু লোবলুৱে দক্ষিণ ছুডান এৰিছে ৷ তেওঁ বৰ্তমান ছুইজাৰলেণ্ডৰ বাসিন্দা৷ দুজনেই জীৱনত ভৱিষ্যতৰ সপোন দেখি দেশ এৰি ৰিফিউজিৰ পৰিচয় লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ