শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
২০২৭ চনত হ’বলৈ গৈ আছে ইতিহাসৰ এক অতিকে বিৰল ঐতিহাসিক ক্ষণ। যি ক্ষণৰ সাক্ষী হৈ ৰ’ব সকলো। কিয়নো ২০২৭ চনত হ’বলৈ গৈ আছে এক বিৰল মহাজাগতিক ঘটনা। শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণৰ সাক্ষী হ’বলৈ গৈ আছে সকলো।
মুঠ ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো। এনে সূৰ্যগ্ৰহণ পূৰ্বে কেতিয়াও হোৱা নাছিল আৰু পৰৱৰ্তী ১০০ বছৰলৈ এনে নহয়।
পাছে কেতিয়া হ’বলৈ গৈ আছে এই মহাজাগতিক পৰিঘটনা! ২০২৭ চনৰ ২ আগষ্ট তাৰিখে শাওণ অমাবস্যাৰ দিনা এই সূৰ্যগ্ৰহণ হব। অৱশ্যে প্ৰতিবছৰেই সূৰ্যগ্ৰহণ লাগে যদিও ২০২৭ চনৰ এই গ্ৰহণ ইয়াৰ দীৰ্ঘসময়ৰ বাবে বিশেষ চৰ্চালৈ আহিছে।
বৈজ্ঞানিকৰ ধাৰণা অনুসৰি, এই দীৰ্ঘতম গ্ৰহণ প্ৰায় ৬ মিনিট ২০ ছেকেণ্ডৰ বাবে থাকিব। যি ২১ শতিকাৰ বহু সময়লৈ হব লগা গ্ৰহণ বোৰৰ ভিতৰত অন্যতম।
সাধাৰণতে সূৰ্যগ্ৰহণ ২ ৰ পৰা ৩ মিনিটলৈ থাকে। কিন্তু ২০২৭ চনৰ এই গ্ৰহণ ৬ মিনিটৰো অধিক সময় থাকিব। যাৰ ফলত দিনৰ ভাগতে সন্ধিয়াৰ দৰে অন্ধকাৰ হৈ পৰিব ধৰা। গুৰুত্বপূৰ্ণ কথা যে, এই বিৰল গ্ৰহণ ভাৰতৰ পৰা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হব। সকলো ভাৰতবাসীয়েই দেখিবলৈ পাব এই শতিকাৰ দীৰ্ঘতম গ্ৰহণ।
ভাৰতীয় সময় অনুসৰি ২০২৭ চনৰ ২ আগষ্ট তাৰিখে দিনৰ ৩ বাজি ৩৪ মিনিটৰ পৰা এই গ্ৰহণ আৰম্ভ হব আৰু সন্ধিয়া ৫ বাজি ৫৩ বজাত সমাপ্ত হব। ৪ বাজি ৩০ মিনিটত গ্ৰহণৰ পূৰ্ণ পৰ্যায় চাবলৈ পাব।
ভাৰতৰ উপৰি এই বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰব উত্তৰ আফ্ৰিকা, মৰক্কো, আলজেৰিয়া, টিউনিছিয়া, লিবিয়া, আৰব, য়েমেন আৰু মিছৰৰ কিছু কিছু অংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















