বিয়া নিদিয়াৰ বাবে চূড়ান্ত সিদ্ধান্ত, নিজকে শেষ কৰি দিব প্ৰেমিক-প্ৰেমিকাই, শেষ মুহুৰ্তৰ ভিডিঅ’ পঠালে ঘৰলৈ
এগৰাকী ২৫ বছৰীয়া যুৱক আৰু এগৰাকী ১৪ বছৰীয়া কিশোৰী, প্ৰেমত মচগুল দুয়ো। বিয়া হবলৈ উদ্বাউল দুয়ো। যাৰ বাবে বাৰে বাৰে পলাই যায়। কিন্তু ছোৱালী কৈশোৰ অৱস্থাত থকা বাবে মান্তি নহয় কোনো এটা পৰিয়াল।
ইফালে আকৌ ইজনে আনজনক এৰি থাকিব নোৱাৰে। যাৰ বাবে শেষত নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয় দুয়ো প্ৰেমিক প্ৰেমিকাই।
এই ঘটনা মধ্যপ্ৰদেশৰ বৈতুলৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ঘৰৰ পৰা মান্তি নোহোৱাৰ বাবে দুয়ো প্ৰেমিক-প্ৰেমিকা মাজনিশা ঘৰৰ পৰা ওলাই গৈ দুয়ো এক ঠাইত মিলিত হয়।
তাৰ পাছত দিনটো ইফাল সিফাল কৰি কটাই বিয়লিলৈ এক ভিডিঅ’ বনাই , ভিডিঅ’ত প্ৰথমে দুয়ো ইজনে সিজনলৈ চাই হাঁহে তাৰ পাছত পি খাই কীটনাশক দ্ৰব্য।
যাৰ ফলত দুয়ো ঠাইতে সংজ্ঞাহীন হৈ পৰি থাকে। কোনো প্ৰত্যক্ষদৰ্শীয়েহে দুয়োকে তেনেদৰে দেখা পাই লগে লগে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি লগে লগে হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমানে সংকটজনক অৱস্থাত দুয়ো প্ৰেমিক-প্ৰেমিকা।
আৰক্ষীয়ে দুয়োৰে ঘৰৰ মানুহক খবৰ কৰাত সকলো উপস্থিত হয়। তেতিয়াহে ওলাই পৰে ঘৰৰ মানুহে মান্তি নোহোৱাত পূৰ্বেও পলাই গৈছিল দুয়ো। পাছে শেষত একেবাৰে নিজকে শেষ কৰি দিয়াৰে সিদ্ধান্ত লয় ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ