অসম লাইভ ২৪ঃ মাত্ৰ কেইঘণ্টামানৰ অপেক্ষা। ৰিঙত নামিবলৈ পূৰ্ণ্যদ্যোমে সাজু অসমকন্যা লাভলীনা। শনিবাৰে অলিম্পিকৰ ৰিঙত নামিব লাভলীনা বৰগোঁহাই। অলিম্পিক ভিলেজত সম্প্ৰতি পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে লৌহ কন্যা লাভলীনাই। অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা এথলীট হৈছে লাভলীনা আৰু শিৱ থাপাৰ পাছত অসমৰ পৰা দেশক প্ৰতিনিধিত্ব কৰা দ্বিতীয়গৰাকী বক্সাৰ হৈছে লাভলীনা বৰগোঁহাই। উল্লেখ্য, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহিতে কেইবাগৰাকী নেতা-মন্ত্ৰীৰ উপস্থিতিত কালি আয়োজন কৰা হয় ‘গ’ ফৰ গ্ল’ৰী লাভলীনা’- শীৰ্ষক এক চাইকেল ৰেলীৰ। খেলুৱৈগৰাকীক উৎসাহিত কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে ৰাজ্যবাসীয়ে। অলিম্পিক খেলুৱৈগৰাকীক লৈ গভীৰ প্ৰত্যাশাৰে বাট চাই আছে অসমবাসীৰ লগতে সমগ্ৰ দেশবাসী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ