অসম লাইভ ২৪ঃ কোভিড নিয়ন্ত্ৰনৰ নামত জিলা প্ৰশাসনৰ টোঘলকী কাণ্ড। মৰিয়নি- মোককচাং পথ বন্ধ কৰাৰ বিপৰীতে খোলা আছে মৰিয়নি- তুলি পথ। ধনৰ বিনিময়ত আৰক্ষীয়ে পাৰ কৰে গাড়ী। কোভিড সংক্ৰমন নিয়ন্ত্ৰনৰ নামত মৰিয়নিত আৰক্ষী আৰু প্ৰশাসনৰ পক্ষপাতিত্বমূলক কৰ্মকাণ্ডই সৰ্বসাধাৰন ৰাইজক ক্ষুব্ধ কৰি তুলিছে। কোভিড সংক্ৰমণৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ মাজতে শাসকীয় দল বিজেপিৰ সভাক লৈ মৌন আৰক্ষী আৰু প্ৰশাসনে খাতিখোৱা সৰ্বসাধাৰন ৰাইজৰ ক্ষেত্ৰত কিন্তু কঠোৰ। ৰেড জ’ন যোৰহাট জিলাত প্ৰশাসনে আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ লগতে যোৱা ১৭ জুলাইৰ পৰা মৰিয়নি-মোককচাং আন্তঃৰাজ্যিক পথত যাতায়ত বন্ধ কৰিছে। এই সময়ত মৰিয়নি-মোককচাং পথেৰে নাগালেণ্ডলৈ সামগ্ৰী সৰবৰাহ বন্ধ কৰিছে যদিও নাগালেণ্ডলৈ যোৱা মৰিয়নি-তুলি পথতো খোলা ৰাখিছে। ১৭জুলাইৰ পৰা জিলা প্ৰশাসনে নিউ সোনোৱাল খণ্ড বন কাৰ্যালয়ৰ সমীপত আৰক্ষীৰ উপৰি অৰ্ধ সামৰিক বাহিনী আৰু বেটেলিয়ান কামাণ্ডোৰ জোৱান মোতায়ন কৰি নাগালেণ্ডলৈ যাতায়ত বন্ধ কৰিছে। কিন্তু সমান্তৰালভাৱে যোৰহাট মৰিয়নিৰ পৰা আমগুৰি তুলি হৈ নাগালেণ্ডলৈ অবাধ হাৰত যান-বাহন চলাচলৰ লগতে সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে। এতিয়া প্ৰশ্ন হ’ল ৰেড জ’ন যোৰহাট জিলাৰ পৰা মৰিয়নি হৈ নাগালেণ্ডলৈ যাতায়ত বন্ধ কৰা যোৰহাট জিলা প্ৰশাসনে যোৰহাট মৰিয়নিৰ পৰা আমগুৰি তুলি পথেৰে যাতায়ত কিয় বাহাল ৰাখিছে ? ইফালে, উদক ভেটা ৰখীয়া পতাৰ দৰে মৰিয়নি মোককচাং পথত কৰ্তব্যৰত আৰক্ষীয়ে ধনৰ বিনিময়ত সামগ্ৰীবাহী ট্ৰাক, পিক-আপ আদি পাৰ কৰোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। আজি সন্ধ্যা ৬ বজাত NL03-A-2239 নম্বৰৰ সামগ্ৰীবাহী এখন ট্ৰাক আৰক্ষীয়ে যাবলৈ দিয়ে। একেদৰে মৰিয়নিৰ সীমাত জাঁজী নদীৰ কাষত আন্তঃজিলা যাতায়াতৰ বন্ধ কৰিবৰ থকা একাংশ আৰক্ষী আৰু গৃহৰক্ষীয়ে ধনৰ বিনিময়ত নিশা গাড়ীসমূহ পাৰ কৰাই অহাৰ অভিযোগ উত্থাপিত হৈছে। আন্তঃজিলা যাতায়াত বন্ধ থকা সত্বেও মৰিয়নিৰ চেলেংহাটৰ পৰা শিৱসাগৰৰ আমগুৰি দিশত অব্যাহত আছে চোৰাং বালিৰ ডাম্পাৰকে ধৰি বিভিন্ন যান বাহনৰ চলাচল। জিলা প্ৰশাসন আৰু আৰক্ষীৰ এনে কাণ্ডত ক্ষুব্ধ ব্যৱসায় আৰু গাড়ী মালিকসকলৰ স্পষ্ট মতামত হ’ল কভিড বিধি সন্দৰ্ভত প্ৰশাসনৰ সকলো নিৰ্দেশ মানি প্ৰশাসনক সহযোগ কৰিব যদিও যোৰহাট জিলাৰ এটা পথ খোলা ৰাখি এটা পথ বন্ধ কৰা জিলা প্ৰশাসন আৰু আৰক্ষীৰ টোঘলকী কাণ্ডক কোনোপধ্যেই মানি লোৱা নহ’ব বুলি ঘোষণা কৰিছে ব্যৱসায়ীসকলে।
দিপক দত্ত, অসম লাইভ-২৪
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ