কাইলৈ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কোন কোন ঠাইৰ পৰা দেখা পাব সম্পূৰ্ণ গ্ৰহণ
হিন্দু ধৰ্মত চন্দ্ৰ গ্ৰহণ এৰ বিশেষ ধাৰ্মিক পৰিঘটনা বুলি মান্য কৰা হয়। ই মানুহৰ জনজীৱনৰ ওপৰত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়। ধাৰ্মিক দৃষ্টি কোনৰ পৰা চন্দ্ৰ গ্ৰহণৰ কাৰণ ৰাহু-কেতু বুলি ধৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি এইবাৰৰ গ্ৰহণ কেতু গ্ৰহৰ বাবে লাগিব।
এইবাৰ কাইলৈ ১৪ মাৰ্চ তাৰিখে চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হবলৈ গৈ আছে। এই একেটা দিনতে এইবাৰ হোলীৰ দৰে পবিত্ৰ উৎসৱো সমগ্ৰ দেশজুৰি উদযাপন কৰা হব।
পাছে কোন কোন ঠাইৰ পৰা দেখা পোৱা যাব এইবাৰৰ চন্দ্ৰগ্ৰহণ। ভাৰতৰ পৰা দেখা পোৱা নাযাব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। প্ৰধানতঃ প্ৰশান্ত মহাসাগৰ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পশ্চিম ইউৰোপ আৰু পশ্চিম আফ্ৰিকাত দেখা পোৱা যাব।
ভাৰতীয় সময় অনুসৰি কাইলৈ দিনৰ ভাগত হব চন্দ্ৰ গ্ৰহণ। পুৱা ৯ বাজি ২৭ মিনিটত আৰম্ভ হব উপছায়া গ্ৰহণ, ১০ বাজি ৩৯ মিনিটত আংশিক গ্ৰহণ আৰু১১ বাজি ৫৬ মিনিটত পূৰ্ণ গ্ৰহণ হব।
এইবাৰ যিহেতু ভাৰতত এই গ্ৰহণ দেখা নাযায়, সেয়ে গ্ৰহণৰ সুতক কালৰো কোনো গুৰুত্ব নহব ভাৰতত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ