অসম লাইভ২৪ঃ শিৱৰাত্ৰীলৈ মাজত মাত্ৰ কেইটামান দিন। ১৮ ফেব্ৰুৱাৰী শনিবাৰে পালন কৰা হ’ব মহাশিৱৰাত্ৰী। প্ৰতি বছৰেই ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰী পালন কৰা হয়। শিৱৰাত্ৰীত মহাদেৱৰ পূজা অৰ্চনা কৰিলেই সমস্ত দুখ-কষ্ট দূৰ হয় বুলি লোকবিশ্বাস। শিৱৰ আছে বহুকেইটা নাম। ভোলানাথ, আদিগুৰু, আদিযোগী, দেৱাদিদেৱ, দিগম্বৰ, কৈলাশনাথ, মহাদেৱ আদি। মুঠ ১০৮টা নামেৰে শিৱক জনা যায়।
সোনকালেই সন্তুষ্ট হোৱা ভগৱানৰ ভিতৰত শিৱ অন্যতম। সামান্য পানী, বেলপাত, ধতুৰা ফুল দিলেই মহাদেৱ সন্তষ্ট হয়। ইয়াৰোপৰি এনে কেইবিধমান বস্তু আছে যি শিৱৰ অত্যন্ত প্ৰিয়। শাস্ত্ৰ অনুসৰি মহাশিৱৰাত্ৰীত ঘৰলৈ এইকেইবিধ বস্তু আনিলেই বহু সমস্যাৰ পৰা সমাধান পোৱা যায়। শিৱৰ প্ৰিয় বস্তুকেইপদ ঘৰলৈ আনিলে ঘৰত আৰ্থিকভাৱে স্বচ্ছলতা আহে।
ৰূপৰ নন্দী
পুৰাণ অনুসৰি নন্দী শিৱৰ বাহন। প্ৰতিটো শিৱ মন্দিৰৰ প্ৰৱেশ পথত নন্দীৰ মূৰ্তি থাকে। মহাশিৱৰাত্ৰীত নন্দীৰো পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো ব্যক্তিৰ জীৱনত আৰ্থিক স্বচ্ছলতা আনিবৰ বাবে মহাশিৱৰাত্ৰীত ৰূপৰ নন্দীৰ প্ৰতিমূৰ্তি ঘৰলৈ আনিব লাগে। পূজা শেষ হোৱাৰ পাছত লকাৰত নন্দীৰ মূৰ্তীটো ৰাখি থব লাগে।
একমুখী ৰুদ্ৰাক্ষ
একমুখী ৰুদ্ৰাক্ষ শিৱৰ স্বৰূপ। হিন্দু ধৰ্মত একমুখী ৰুদ্ৰাক্ষক শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি কোৱা হয়। ঘৰলৈ ৰুদ্ৰাক্ষ অনাৰ ইচ্ছা থাকিলে মহাশিৱৰাত্ৰী তিথিতেই আনিব পাৰে। জ্যোতিষীৰ মতে শিৱৰ মন্ত্ৰোচ্চাৰণৰ দ্বাৰা এই ৰুদ্ৰাক্ষক প্ৰথমতে শুদ্ধি কৰি ঘৰত ৰাখিব লাগে। ৰুদ্ৰাক্ষ ঘৰত ৰাখিলে গৃহৰ সকলো সংকট দূৰ হয়। ৰুদ্ৰাক্ষো লকাৰত সোমোৱাই ৰাখিব পাৰে। এনেদৰে ৰুদ্ৰাক্ষ থলে ব্যক্তি একোগৰাকীৰ জীৱনত অৰ্থভাৱে দেখা নিদিয়ে।
ৰত্নৰ শিৱলিংগ
মহাশিৱৰাত্ৰীত ৰত্নখচিত শিৱলিংগ ঘৰলৈ আনিব লাগে। গ্ৰহ দোষ কাটিবৰ বাবে উল্লেখযোগ্য উপায়েই হৈছে ৰত্নৰ শিৱলিংগ ঘৰত স্থাপন কৰা। কোনো ব্যক্তিৰ কোষ্ঠীত গ্ৰহদোষ থাকিলে সেয়া কটাবলৈকে ৰত্নৰ শিৱলিংগ ঘৰলৈ অনাটো প্ৰয়োজন। ঘৰৰে মন্দিৰত এই শিৱলিংগ প্ৰতিষ্ঠা কৰি মহাশিৱৰাত্ৰীত পূজা অৰ্চনা কৰিব লাগে।
পাৰদ শিৱলিংগ
ঘৰত পাৰদ শিৱলিংগ স্থাপন কৰিব লাগে। শাস্ত্ৰতো পাৰদ শিৱলিংগৰ গুৰুত্ব আছে। পাৰদ শিৱলিংগ ঘৰত ৰাখিলে পিতৃ দোষ, কালসৰ্প দোষ, বাস্তু দোষৰ পৰা মুক্তি পোৱা যায়। পাৰদ শিৱলিংগ ঘৰত ৰাখিলে দৈনিক পূজা অৰ্চনা কৰাটো নিতান্তই প্ৰয়োজন। ইয়াৰোপৰি শিৱমন্ত্ৰও জপ কৰিব লাগে।
তামৰ ঘট
মহাশিৱৰাত্ৰীত তামৰ ঘট দি শিৱক প্ৰসন্ন কৰিব পাৰি। পাৰিবাৰিক কলহ, বিবাদ বৃদ্ধি হৈ থাকিলে তামৰ ঘট গৃহত বহুৱাব লাগে। এইদৰে ঘট বহুৱালে বিবাদৰ অন্ত পৰে।
মহামৃত্যুঞ্জয় মন্ত্ৰ
প্ৰচলিত বিশ্বাস অনুযায়ী দৈনিক মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে অত্যন্ত শুভ। এনেদৰে এই মন্ত্ৰ জপ কৰা ব্যক্তিৰ ঘৰত কেতিয়াও ৰোগে দেখা নিদিয়ে। অৰ্থাভাৱৰ পৰাও পৰিয়ালটো মুক্ত হৈ থাকে। প্ৰতিদিনে সূৰ্যোদয়ৰ সময়ত এই মন্ত্ৰ জপ কৰিব লাগে। ইয়াৰ ফলত পৰিয়ালত সুখ শান্তি বৰ্তী থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















