মহাকুম্ভত ৩৭ নহয়, ৮২ গৰাকীয়ে হেৰুাৱইছিল প্ৰাণ, তথ্যত
২০২৫ চনৰ ১৪ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহা কুম্ভত ২৯ জানুৱাৰী অৰ্থাৎ মৌনি অমৱস্যাৰ দিনটোত হোৱা ভয়াবহতাৰ কথা উল্লেখ কৰি চৰকাৰে কৈছিল যে সেই দিনটোত ৩৭ গৰাকী লোকৰ মৃত্যু হৈছিল।
কিন্তু সেই ঘটনাৰ ওপৰত এতিয়া বিবিচি হিন্দীৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে মৌনি অমাবস্যাৰ সেই ঘটনাত ৩৭ জন নহয়, ৮২ জন লোকৰ মৃত্যু হৈছিল।
এতিয়া উত্তৰ প্ৰদেশ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰিয়াই এই প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বাৰাণসীত সংবাদমেলৰ সময়ত সাংবাদিকসকলে তেওঁক প্ৰতিবেদনত উল্লেখ কৰা দাবী সন্দৰ্ভত প্ৰশ্ন কৰে।
ইয়াৰ প্ৰত্যুত্তৰত মৌৰিয়াই কয় যে সকলো বাতৰিৰে মই কোনো সঁহাৰি নিদিওঁ। ঘটনাটো দুখজনক আছিল আৰু ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক সহায় কৰা হৈছে।
উপ মুখ্যমন্ত্ৰীয়ে কয় যে মহা কুম্ভ অতি দিব্য আৰু ভৱ্য আছিল। ৬৬ কোটি মানুহ এই অনুষ্ঠানৰ অংশ হৈছিল। কিন্তু তাৰে মাজতে সংঘটিত হৈ যায় অতি দুখজনক ঘটনা। যি ঘটনাৰ বাবে সকলোৱে অনুশোচনা কৰোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আপোনজনক হেৰুৱা পৰিয়ালক লৈ শোক প্ৰকাশ কৰে। সেই পৰিয়ালবোৰৰ প্ৰতি আমি সদায় সহানুভূতিশীল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















