• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

4 years ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

12 minutes ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

40 minutes ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

1 hour ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

1 hour ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

2 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

3 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

4 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

4 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

5 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

6 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

6 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

editor by editor
June 25, 2022
in ভাৰত, ৰাজনীতি
0
বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিৱসেনাত বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। সমুখ সমৰত উদ্ধৱ থাকৰে-একনাথ সিন্দে। এনে এক পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উঠে। শিৱসেনাত বিসম্বাদৰ কাৰণ কি? ইয়াৰ কাৰণ হিচাপে কেইবাটাও কাৰণ বিশ্লেষণ কৰিব পাৰি। কাৰণ এক বা ততোধিকো হ’ব পাৰে।

কাৰণ ১: হিন্দুত্ব

শিৱসেনা এটা হিন্দুত্ববাদী দল। মাৰাঠী জাতি আৰু হিন্দুত্বৰ এজেণ্ডা লৈ এখন মঞ্চ গড় দিছিল বালাচাহেব থাকৰে। বিসম্বাদী একনাথ সিন্দে শিবিৰৰ মতে হিন্দুত্ববাদী দল হিচাপে কংগ্ৰেছ আৰু NCPৰে শিৱসেনাৰ মিত্ৰতা থাকিব নোৱাৰে।

মিত্ৰতা থাকিব পাৰে মাথোঁ বিজেপিৰে হে। কংগ্ৰেছ আৰু NCPৰে মিত্ৰতা ভংগ কৰিবলৈ উদ্ধৱ থাকৰে ইচ্ছ্যুক নাছিল বাবেই হেনো এই বিসম্বাদে গা কৰি উঠিছে।

কাৰণ ২: বিজেপিৰ আগ্ৰাসন

য’ত য’ত অবিজেপি চৰকাৰ আছে সেই চৰকাৰসমূহ ভাঙি বিজেপিৰ শাসন প্ৰতিষ্ঠা কৰাটোৱে গেৰুৱা বাহিনীৰ লক্ষ্য।

ইতিমধ্যে ৰাজ্য চৰকাৰ ভঙা-পতাৰ কামত সিদ্ধহস্ত বুলি নাম অথবা বদনামো আছে বিজেপিৰ। বিজেপিয়ে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ ভঙাৰ বাবে কূট-কৌশল ৰচনাৰ অভিযোগ উত্থাপিত হৈছে। একনাথ সিন্দেক বিজেপিয়ে অস্ত্ৰ হিচাপে ব্যৱহাৰৰো অভিযোগ উঠিছে।

কাৰণ ৩: NCPয়ে কামত বাধা দিয়ে শিৱসেনাক

বিসম্বাদী শিবিৰে অভিযোগ আনিছে যে মহাৰাষ্ট্ৰৰ বিভিন্ন সমষ্টিত কাম-কাজৰ ক্ষেত্ৰত NCPৰ বিধায়ক তথা নেতা-কৰ্মীয়ে শিৱসেনাৰ বিধায়ক তথা নেতা-কৰ্মীক যথেষ্ট অসুবিধা দি আহিছে।

মিত্ৰজোঁটৰ নেতৃত্বত থাকি মাৰাঠী জাতিৰ স্বাভিমান বিজড়িত দল শিৱসেনাই কিয় সহ্য কৰিব NCPক। এনেধৰণৰ কথাও চলিছে।

কাৰণ ৪: একনাথ সিন্দেৰ শীৰ্ষ নেতা হোৱাৰ প্ৰৱণতা

শিৱসেনাপ্ৰধান উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। উদ্ধৱ থাকৰে শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ পুত্ৰ।

পিতৃ বালাচাহেবৰ পাছত দলৰ শীৰ্ষ স্থানত উদ্ধৱ থাকৰে। উদ্ধৱ থাকৰে ছাৰ জে জে ইনষ্টিটিউট অৱ এপ্লাই আৰ্টছৰ স্নাতক অৰ্থাৎ BFA। উদ্ধৱ থাকৰে মুম্বাইৰ সম্ভ্ৰান্ত অঞ্চল বান্ড্ৰাৰ বাসিন্দা।

বাণ্ড্ৰাৰ মাতোশ্ৰী নামৰ বঙলাটো থাকৰে পৰিয়ালৰ বাসগৃহ। আনহাতে, বিসম্বাদী নেতা একনাথ সিন্দে মহাৰাষ্ট্ৰৰ চাতাৰাৰ লোক।

পাছত কামৰ সন্ধানত সিন্দেৰ পৰিয়ালে মুম্বাইৰ পাৰ্শ্বৱৰ্তী অঞ্চল থানেত বসতি কৰে। একনাথ সিন্দে থানেত একাদশ শ্ৰেণীলৈ পঢ়া-শুনা কৰি শিক্ষা জীৱন সাং কৰে।

নিজৰ লগতে পৰিয়ালৰ পোহপালৰ বাবে প্ৰথমে একনাথ সিন্দে কৰিছিল দিন হাজিৰা। পাছত হয়গৈ অটোৰিক্সা চালক। ১৯৮০ চনত শিৱসেনাত যোগদান। লাহে লাহে দলৰ নেতাসকলৰ লগত সম্পৰ্ক ভাল হ’বলৈ ধৰে।

শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ সুদৃষ্টি পৰে একনাথ সিন্দেৰ ওপৰত। এনেদৰে ২০০৪, ২০০৯, ২০১৪ আৰু ২০১৯ বৰ্ষৰ নিৰ্বাচনত ৪ বাৰলৈ নিৰ্বাচিত হয় একনাথ সিন্দে।

সিন্দে PWD আৰু নগৰ উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰীও আছিল। এতিয়া সিন্দেৰ লক্ষ্য হেনো শিৱসেনাৰ মূল পদ অৰ্থাৎ উদ্ধৱ থাকৰেৰ স্থান অথবা ক্ষমতা।

কাৰণ ৫: পুত্ৰ প্ৰতিষ্ঠাৰ যুঁজ

শিৱসেনা প্ৰধান তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে। ১৯৯০ চনত জন্মগ্ৰহণ কৰা আদিত্য থাকৰেৰ শিক্ষাগত অৰ্হতা BA, LLB. আদিত্য থাকৰে সম্প্ৰতি মহাৰাষ্ট্ৰ চৰকাৰৰ পৰিৱেশ আৰু পৰ্যটন দপ্তৰৰ কেবিনেট মন্ত্ৰী।

আনহাতে একনাথ সিন্দেৰ পুত্ৰ ডাঃ শ্ৰীকান্ত সিন্দে। শ্ৰীকান্ত সিন্দে এগৰাকী চিকিৎসক। শিক্ষাগত অৰ্হতা MBBS, MS অৰ্থ’পেডিক্স। ২০১৪ আৰু ২০১৯ত শিৱসেনাৰ পৰা কল্যাণ লোকসভা সমষ্টিৰ সাংসদ।

উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে আৰু একনাথ সিন্দেৰ পুত্ৰ ডাঃ শ্ৰীকান্ত সিন্দে, দুয়োজনে শিৱসেনাৰ দ্বাৰা ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত। পিছে এতিয়া উদ্ধৱ থাকৰে মুকলিকৈ মন্তব্য কৰিছে যে সিন্দেৰ পুত্ৰ MP হৈছে।

মোৰ পুত্ৰলৈ ঈৰ্ষা কিয়? যদিও আদিত্য আৰু শ্ৰীকান্ত দুয়োজনেই প্ৰতিষ্ঠিত দলীয় কাম-কাজ, পৰিচালনা আদিৰ ক্ষেত্ৰত পৰিয়ালসূত্ৰেই আদিত্য থাকৰে এক ভাল স্থিতিত আছে।

হয়তো একনাথ সিন্দে যিদৰে নিজকে উদ্ধৱ থাকৰেৰ স্থানত চাব বিচাৰে, তেনেদৰেই হয়তো পুত্ৰ ডাঃ শ্ৰীকান্ত সিন্দেকো আদিত্য থাকৰেৰ স্থানত চাব বিচাৰে।

অৰ্থাৎ পুত্ৰ প্ৰতিষ্ঠাৰ যুঁজ। এইসমূহ কাৰণতে মহাৰাষ্ট্ৰত আজি মহাভাৰতৰ সূচনা হোৱা বুলি বহুলোকে ধাৰণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam congressassam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssambjpCongresshimanta biswa sarmahimanta biswa sharmahoroscope in assamesesarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.