এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে এজন বিজেপি বিধায়কৰ পুত্ৰসহ চিকিৎসা বিজ্ঞানৰ ৭ জনকৈ ছাত্ৰ৷
এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ শেলচুৰা নামৰ এখন গাঁৱত৷ নিহত আটাইকেইগৰাকী মহাৰাষ্ট্ৰৰ ৱাৰ্ধাৰ সাৱাংগী চিকিৎসা মহাবিদ্যালয়ত অধ্যনৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি সোমবাৰে নিশা প্ৰায় ১.৩০ বজাত বিজেপিৰ বিধায়ক বিজয় ৰাহাংডালেৰ পুত্ৰ অৱিষ্কাৰ ৰাহাংডালে সাত গৰাকী সতীৰ্থৰ সৈতে দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ থকা পথতে শালচুৰা নামৰ গাঁওখনৰ সমীপৰ এখন দলঙৰ পৰা তললৈ সৰি পৰে৷
ৱাৰ্ধাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত হলকাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে বাহনখন দলঙৰ তললৈ সৰি পৰে আৰু আটাইকেইজন আৰোহীৰে মৃত্যু ঘটে৷
ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হোৱা চিকিৎসা বিজ্ঞানৰ ছাত্ৰকেইগৰাকী নীৰজ চৌহান, বিবেক নন্দন, প্ৰত্যুষ সিং, পৱন শক্তি, নীতেশ সিং আৰু শুভম জয়ছোৱাল বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷
ইফালে এই দুৰ্ঘটনাৰ খবৰ পায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় সাহায্য কোষৰ পৰা নিহত ছাত্ৰকেইজনৰ পৰিয়াললৈ ২ লাখকৈ টকা প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















