মহাৰাষ্ট্ৰৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডই নতুন মোৰ লৈছে৷ সোমবাৰে দুপৰীয়া প্ৰকাশ পাইছিল যে মহাৰাষ্ট্ৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছে৷
ঘটনাৰ সন্দৰ্ভত ভীলে পাৰ্লে আৰক্ষী থানাই ইতিমধ্যে মালাড অঞ্চলৰ এটা প্ৰাইভেট ক’ৰ্ছিং চেণ্টাৰৰ এজন শিক্ষকক প্ৰশ্ন কাকত ফাদিল ঘটনাত জজ়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷
অভিযোগ অনুসৰি কিছুসংখ্যক ছাত্ৰই মোবাইল যোগে ৰাসায়ন বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত লাভ কৰি তেওঁলোকে পৰীক্ষা কেন্দ্ৰত কিছু পলমকৈ উপস্থিত হৈছিল৷
লগতে পঢ়ক যুদ্ধৰ বীভৎসতা! যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত গৰ্ভৱতী মহিলাসহ গৰ্ভস্থ সন্তানৰ মৃত্যু
এই অভিযোগৰ পিছতে ভীলে পাৰ্লে আৰক্ষীয়ে তৎপৰতাৰে এটা প্ৰাইভেট কোছিং চেণ্টাৰৰ এজন শিক্ষকক ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷
কিন্তু ইয়াৰ পিছতে এই ঘটনাই নতুন মোৰ লৈছে৷ ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী প্ৰফেছৰ বৰ্ষা একনাথ গাইকোৱাড়ে কৈছে যে ৰাজ্যখৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ কোনো প্ৰশ্ন কাকত ফাদিল হোৱা নাই৷
নিজৰ টুইটাৰ হেণ্ডলত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই৷ শিক্ষামন্ত্ৰীগৰাকীৰ মতে কোনা দুষ্ট চক্ৰই সামাজিক মাধ্যমৰ যোগেদি এই ভুৱা প্ৰচাৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















