মাজনিশা ব্যয়বহুল জন্মদিনৰ পাৰ্টী৷ অৰ্জুন কাপুৰৰ জন্মদিন উপলক্ষ্যে এই বিশেষ পাৰ্টী৷ পাৰ্টীত দেখা গৈছে বৰুণ ধাৱান, জাহ্নৱী কাপুৰকে ধৰি বহু চেলিব্ৰিটি মুখ৷ মন খুলি অৰ্জূনে উপভোগ কৰিছে এই পাৰ্টী৷ কিন্তু ইয়াৰ মাজতেই কৰোবাত যেন কিবা এটা নাই৷ কিবা এটা নাই মানে অৰ্জূনৰ চৰ্চিত প্ৰেয়সী মালাইকা আৰোৰা সেই বিশেষ পাৰ্টীত নাই৷ পাৰ্টীত মালাইকা উপস্থিত নথকাক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা৷
মালাইকা আৰু অৰ্জূনৰ প্ৰেমৰ বিচ্ছেদ হোৱাৰ পাছত বন্ধুত্বৰ সম্পৰ্কও নাই দুয়োৰে৷ দুই প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্ক এতিয়া তিক্ততালৈ পৰিবৰ্তিত হৈছে৷ এই প্ৰশ্নও উত্থাপিত হৈছে৷ মডেলিঙৰ মাধ্যমেৰে কেৰিয়াৰ আৰম্ভ কৰিছিল মালাইকাই৷ সময়ৰ সৈতে তেঁঁও বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীলৈ পৰ্যবাসিত হয়৷ বলীউডত প্ৰৱেশৰ সময়তেই বিবাহপাশতো আৱদ্ধ হয় মালাইকা৷ আৰবাজ খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মালাইকা আৰোৰা৷ ১৯৯৮ চনত আৰবাজৰ সৈতে মালাইকাৰ বিয়া হৈছিল৷ তাৰপাছতেই তেওঁলোকৰ মাজলৈ আহে আৰহান খান৷ ২০১৬ চনত আৰবাজ আৰু মালাইকাৰ বিচ্ছেদ হৈছে৷ অৱশ্যে আইনীভাৱে ২০১৭ চনত তেওঁলোকৰ বিচ্ছেদ হয়৷
২০১৬ পৰা সন্তানক লৈ অকলে আছে মালাইকা৷ আৰবাজৰ সৈতে বিচ্ছেদৰ পাছৰ পৰাই অৰ্জূনৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে মালাইকা৷ প্ৰেমৰ বাবেই মালাইকাৰ ফ্লেটৰ কাষত ২০ কোটিটকীয়া চাৰি বেডৰুমৰ ফ্লেটো ক্ৰয় কৰি লৈছিল অৰ্জূনে৷ সেই প্ৰেম এতিয়া আৰু নাই৷ কাষত থাকিলেও দুয়োৰে পথ এতিয়া পৃথক৷ কিছুদিন পূৰ্বে অৰ্জূন হাস্পতালৰ বেডত পৰি থকা ফটো ভাইৰেল হোৱাৰ সময়তে মালাইকাক দেখা গৈছিল বিদেশ ভ্ৰমণত৷
ইফালে বুধবাৰে অৰ্জুনে যেতিয়া বাৰ্থডে উদযাপন কৰি আছিল তেতিয়াই মালাইকাই শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট৷ পোষ্টত লিখিছে, ‘আমি যেতিয়া কোনো মানুহক পছন্দ কৰো তেতিয়া সেই ব্যক্তিক চকু বন্ধ কৰি বিশ্বাস কৰো৷’ সম্পৰ্কক লৈ চূড়ান্ত সিদ্ধান্ত লোৱাৰ পাছতেই দুয়ো কিছুদিন পৃথকে আছে৷ কিন্তু অভিনেত্ৰীৰ পোষ্টৰ পৰা বহুতেই আন্দাজ কৰিছে যে তেওঁলোকৰ সম্পৰ্ক আৰু জোৰা নালাগে৷ অৱশ্যে সঁচাকৈয়ে বিচ্ছেদ হৈছেনে সেয়া সময়ত পৰিলক্ষিত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















