বেংক একাউণ্ট ছীল, ২ লাখ টকাৰ ধাৰ, তেন্তে কিদৰে মমতা কুলকাৰ্ণীয়ে মহামণ্ডলেশ্বৰ হ’বৰ বাবে দিলে ১০ কোটি
শেহতীয়াকৈ কিন্নৰ আখৰাই কিছু কাৰণত মমতা কুলকাৰ্ণী আৰু লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীক মহামণ্ডলেশ্বৰৰ পদৰ পৰা অপসাৰণ কৰিছে। মমতা কুলকাৰ্ণীয়ে চলচ্চিত্ৰ জীৱন আৰু অপৰাধজনিত ইতিহাসৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ বাবেই এই বিতৰ্ক আলোচনা চলি আছে।
তাৰে মাজতে প্ৰশ্ন উত্থাপন হৈছে সকলো বেংক একাউণ্ট ছীল কৰা, ঘৰ একেবাৰে বেয়া হৈ পৰা, উপাৰ্জন নথকাৰ পাছত ২ লাখ টকা ধাৰে লোৱা বুলি খবৰ ওলোৱাৰ পাছতে কিদৰে মমতা কুলকাৰ্নীয়ে মহমণ্ডলেশ্বৰ হবৰ বাবে ১০ লাখ টকা দিব পাৰিলে!
এই প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সকলোবোৰ খবৰক উৰাবাতৰি বুলি অভিহিত কৰে বলীউডৰ প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে। লগতে ইয়াকো কয় যে, ১০ কোটি দূৰৰ কথা তেখেতৰ হাতত ১ কোটি টকাও নাই। চৰকাৰে পূৰ্বেই সকলো বেংক একাউণ্ট ছীল কৰি থৈছে।
কিদৰে জীয়াই আছো কোনেও নাজানে। এতিয়া লগ কেৱল চকুপানীবোৰ। বহুত ত্যাগ কৰিছো। মোৰ বেংক একাউণ্ট জব্দ কৰা হৈছে। সকলো জব্দ কৰা হৈছে। মোৰ হাতত টকা নাই। মহামণ্ডলেশ্বৰ হবৰ বাবে গুৰুজনক ২ লাখ টকা দান কৰিব লাগে, সেইটো কিবাকে ধাৰ কৰি দিছো। কতো কোনো ধৰণৰ কোটি টকা দিয়া নাই বুলি উল্লেখ কৰে মমতা কুলকাৰ্ণীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















