অসম লাইভ ২৪ঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখত সংঘটিত হৈছে এক অঘটন৷ শুকুৰবাৰে দিনৰ ভাগত এগৰাকী ৫০ বছৰীয়া লোকে শৰীৰত অগ্নিসংযোগ কৰি আত্মহননৰ চেষ্টা চলায়৷
আৰক্ষীৰ তৎপৰতাত অগ্নিদগ্ধ লোকজনৰ প্ৰাণৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ দিল্লী আৰক্ষীয়ে অগ্নিদগ্ধ লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷
আত্মহননৰ চেষ্টা চলোৱা লোকজন নয়দাৰ নিৱাসী বুলি চিনাক্ত জানিব পৰা গৈছে৷ উচ্চতম ন্যায়ায়লৰ সন্মুখত লোকজনে কিয় আত্মজাহৰ চেষ্টা চলাইছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ