পুৱাই অঘটন, জোতাৰ ভিতৰত মোবাইল লৈ ভোটগণনা কেন্দ্ৰত প্ৰৱেশ
আজি ৪ জুন তাৰিখে লোকসভা নিৰ্বাচনৰ ফালফল ঘোষণা কৰা হ’ব, সেই উদ্দেশ্যে পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোতগণনা প্ৰক্ৰিয়া। ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ ভোটগণনা ।
পাছে আজিৰ এই দিনটোতে ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বেই অঘটন। ধুবুৰীৰ পৰা আহিছে এক বিশেষ খবৰ। ভোটগণনা কেন্দ্ৰত মোবাইল লৈ প্ৰৱেশ এজনৰ।
অগপ নেতা এগৰাকীয়ে জোতাৰ ভিতৰত মোবাইল ফোন লুকুৱাই ভোটগণনা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰোতেই আৰক্ষীৰ তালাচীত ধৰা পৰি যায়।
ধুবুৰীৰ অগপ নেতা তথা কাউণ্টিং এজেণ্ট আৰিফুল ইছলামে জোতাৰ ভিতৰত লুকুৱাই ৰাখিছিল মোবাইল ফোন। ধৰা পৰাৰ পাছতে ধুবুৰী আৰক্ষীয়ে আটক কৰে অগপ নেতাগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ