বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে
এইখন অসমতে ঘটা এক ঘটনাৰ ভাইৰেল ভিডিঅ, যি ভিডিঅই এতিয়া সমগ্ৰ দেশতে বিয়পি পৰিছে। পত্নীৰ পৰা বিবাহ বিচ্ছেদ পোৱাৰ ফুৰ্তিতে স্বামীয়ে গা ধুলে ৪০ লিটাৰ গাখীৰেৰে। এই ঘটনা নলবাৰী জিলাৰ মুকালমুৱাৰ।
মুকালমুৱাৰ বাসিন্দা মানিক আলীয়ে এইদৰে গাখীৰেৰে গা ধুই ভাইৰেল হৈ পৰিছে। পত্নীৰ পৰা আইনী বিচ্ছেদ লৈয়ে ফুৰ্তিতে কব নোৱাৰা হৈ পৰিছে মাণিক।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পৰকীয়া প্ৰেমত পাগল পত্নী। বাৰে বাৰে ঘৰ এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰে পত্নীয়ে। বাৰে বাৰে সংসাৰৰ কথা ভাবি ক্ষমা কৰি দি পুনৰ আঁকোৱালী লয় পত্নীক। কিন্তু সিমানৰ পাছতো অন্ত নপৰি এবাৰ নহয় দুবাৰকৈ প্ৰেমিকৰ সৈতে পলায়ন কৰে পত্নীয়ে।
যাৰ বাবে অৱশেষত উপায়হীন হৈ আইনীভাৱে পত্নীৰ সৈতে বিচ্ছেদ লয় স্বামী মাণিকে। আৰু বিচ্ছেদ আইনী মনে সম্পূৰ্ণ হোৱাৰ পাছতে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুই।
স্থানীয় লোকৰ মতে, এটি কন্যা সন্তান থকাৰ পাছতো পত্নীয়ে কমেও দুবাৰ পলাই গৈছিল। সেয়ে দুয়োজনে পাৰস্পৰিক সন্মতি সাপেক্ষে আইনগতভাৱে বিবাহৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়।
বৰ্তমানে মাণিক আলীৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ছচিয়েল মিডিয়াত বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। কিছু লোকে ইয়াক লজ্জাজনক কাম বুলি অভিহিত কৰিছে। কৈছে যে দেশত য’ত দিনে দুবাৰকৈ আহাৰ নথকা বহু লোক আছে, তেনেকৈ গাখীৰ অপচয় কৰাটো ভুল। আন একাংশই কৈছে যে এনে লোকে কেৱল ভিডিঅ’ ভাইৰেল কৰিবলৈ আৰু কিছু লাইক পাবলৈহে এনে কাম কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















