ঐতিহাসিক সাফল্য , মানৱ দেহত গাহৰিৰ বৃক্ক
চিকিৎসা বিজ্ঞানত এক ঐতিহাসিক সাফল্য, সফল অস্ত্ৰোপচাৰেৰে মানৱ দেহত সংৰোপন কৰিলে গাহৰিৰ বৃক্ক। বৰ্তমানে সম্পূৰ্ণ সুস্থ গাহৰিৰ বৃক্ক লগোৱা ব্যক্তি।
বিগত ১৬ মাৰ্চ তাৰিখে বষ্টনৰ মাছাছুছেটছ জেনেৰেল হাস্পতালৰ এদন চিকিৎসকে প্ৰায় ৪ ঘণ্টাজোৰা যুগান্তকাৰী অপাৰেচনৰ জৰিয়তে ৬২ বছৰীয়া ৰিচাৰ্ড শ্লেইমেন নামৰ এগৰাকী লোকৰ দেহত জিনিয়ভাৱে পৰিৱৰ্তন কৰা গাহৰি এটাৰ বৃক্ক সংৰোপন কৰে। যি হৈছে বিশ্বৰ প্ৰথম ঘটনা।
বৰ্তমানে চিকিৎসকে শ্লেইমেনৰ অৱস্থা ভাল বুলি জনাইছে আৰু অতি সোনকালেই তেওঁ ঘৰলৈয়ো যাব পাৰিব বুলি আশা কৰিছে চিকিৎসালয়খনে।
এই অস্ত্ৰোপচাৰটো আছিল বিশেষভাৱে প্ৰজনন কৰা গাহৰিৰ এটা গোটৰ পৰা, যিবোৰ জিনগতভাৱে মানুহৰ লগত অধিক মিল থকাকৈ সংশোধন কৰা হৈছিল।
আনহাতে উল্লেখ্য যে, শ্লেইমেনৰ পাঁচ বছৰ পূৰ্বে মানুহৰ বৃক্ক সংৰোপণ কৰা হৈছিল যদিও বহু বোৰ বৃক্ক ৰোগত আক্ৰান্ত লোকৰ দৰেই সেই সংৰোপন কৰা বৃক্কও বিকল হৈ পৰে, যাৰ ফলত পুনৰ ডায়েলাইছিছৰ প্ৰয়োজন আহি পৰে শ্লেইমেনৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ