১৬ জানুৱাৰীত মকৰ ৰাশিত গোচৰ কৰিছে মঙ্গলে৷ আৰু নিজৰ উচ্চ ৰাশি মকৰত প্ৰৱেশ কৰাৰ পাছতেই ৰুচক ৰাজযোগ প্ৰভাৱশালী হ’ব৷ ইয়াৰ ফলত কিছু মানুহৰ জীৱনলৈ আহি আছে ভাল দিন৷ ১৬ জানুৱাৰীৰ পুৱা ৪ বাজি ২৭ মিনিটত মঙ্গলে মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ এই সময়ত মঙ্গলৰ সৈতে সূৰ্য আৰু শুক্ৰ থাকিব মকৰ ৰাশিত৷ যাৰ ফলত তৈয়াৰ হ’ব ত্ৰিগ্ৰহী যোগ৷ আৰু সেই কাৰণেই ১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ জীৱনলৈ সাল সলনি আহিব৷ এই সকলো ৰাশিৰ জীৱনত উন্নতি নিশ্চিত৷ ইয়াৰোপৰি আত্মবিশ্বাস বৃদ্ধি পাব৷ জানি থওক এই লাকী ৫ৰাশি কি কি?
মেষ ৰাশি
এই সময়ত এনাৰ্জি থাকিব চৰম৷ যাৰ বাবে দায়িত্ব বৃদ্ধি পাব৷ সেই কাৰণেই প্ৰমোছনো পাব৷ যিসকলে ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকো এই সময়ত আগুৱাই যাব৷ নতুন আয়ৰ স্থান তৈয়াৰ হব৷ চৰকাৰী কামত ভাল পৰিণাম পাব৷
কৰ্কট ৰাশি
মঙ্গলৰ গোচৰৰ বাবে ভাল সময় কটাব কৰ্কট ৰাশিয়ে৷ পাৰ্টনাৰশ্বিপত লাভ পাব৷ ইয়াৰোপৰি নিজৰ লাভ লাইফৰ উন্নতি হব৷ ইয়াৰোপৰি যিসকলে চিংগল আছিল তেওঁলোকে সংগী পাব৷ ইয়াৰ সৈতে জীৱনত আগুৱাই যাব পাৰে৷ হাতলৈ আহিব পাৰে ধন৷
কন্যা ৰাশি
এই সময়ত আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰ সৈতে বৃদ্ধি পাব ফকাছ৷ যাৰ ফলত একাধিক কামত সাফল্য পাব৷ আপোনাৰ অৰ্থভাগ্য ভালে থাকিব৷ আৰ্থিক সমস্যা দূৰ হব৷ এই সময়ত লিডাৰশ্বিপ স্কিল সকলোৰে নজৰলৈ আহিব৷ চাকৰি জীৱনত আগুৱাই যাব পাৰে৷ চিন্তাৰ কাৰণ নাই৷
বৃশ্চিক ৰাশি
মঙ্গলৰ গোচৰত আগুৱাই যাব বৃশ্চিক ৰাশিৰ জাতক৷ এই সময়ত জীৱনলৈ এক নির্ণায়ক মোৰ আহিব৷ ইয়াৰোপৰি আপোনাৰ সিদ্ধান্তও বহুতে মানি ল’ব৷ মাৰ্কেটিং, চেলছ, শিক্ষকতা আৰু মিডিয়াৰ সৈতে যিসকল জড়িত তেওঁলোকো আগুৱাই যাব৷ আপুনি আত্মনিৰ্ভৰ হৈ উঠিব পাৰে৷
মকৰ ৰাশি
ভাল দিন আৰম্ভ হ’ব মকৰ ৰাশিৰ৷ ৰুচক ৰাজযোগৰ বাবে ভাল সময় কটাব আপুনি৷ এই সময়ত বাঢ়িব আত্মবিশ্বাস৷ কেৱল সেয়াই নহয় ৰাজযোগৰ বাবে তেওঁলোক সফলো হব৷ হাতলৈ ধন আহিব৷ সামাজিক জীৱনত আগুৱাই যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















