অসম লাইভ২৪ঃ মণিপুৰ জ্বলিছে! মণিপুৰী মিতেই সম্প্ৰদায়ক জনজাতি শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰাৰ বিৰুদ্ধে মণিপুৰত আৰম্ভ হৈছে বিবাদ। মণিপুৰৰ জনজাতীয় গোটকেইটাই মিতেই সম্প্ৰদায়টোক এছ টি মৰ্যাদা দিয়াৰ বিৰোধীতাৰে আৰম্ভ কৰিছে প্ৰতিবাদ। প্ৰতিবাদ ভয়ংকৰ হৈ পৰাত মণিপুৰৰ ৮খন জিলাত জাৰি কৰা হৈছে কাৰফিউ। ইতিমধ্যে সমগ্ৰ মণিপুৰতেই কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱাও। বুধবাৰৰে পৰা মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ লগতে ৰাজধানী চহৰ ইম্ফলত তাৎক্ষণিক ভাৱে কাৰফিউ জাৰি কৰা হৈছে। ৫ দিনৰ বাবে স্থগিত ৰখা হয় ইণ্টাৰনেট সেৱা। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰৰ এক ৰেলীত হোৱা হিংসাত্মক ঘটনাৰ পিছত চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত উত্তেজনা অব্যাহত থকাৰ বাবে এই সিদ্ধান্ত ৰাজ্যখনৰ প্ৰশাসন তথা চৰকাৰৰ।
প্ৰাপ্ত খবৰ অনুসৰি মণিপুৰৰ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষৰ। পথৰ কাষত থকা নিৰ্দিষ্ট সম্প্ৰদায়ৰ যুৱক-যুৱতীক লক্ষ্য কৰি আন একাংশই কৰা মন্তব্যৰ পৰাই সূত্ৰপাত হয় সংঘৰ্ষৰ। ঘটনাক কেন্দ্ৰ কৰি এটা সম্প্ৰদায়ৰ সম্পত্তি জ্বলাই দিয়াৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। যাৰ ফলত ৰাজ্যিক নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয়। হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অসম ৰাইফলছৰ জোৱানো মোতায়েন কৰা হৈছে। মণিপুৰৰ স্থানীয় প্ৰশাসনে ৩-৪ মে’ৰ মাজনিশাৰ পৰাই বৃহৎ সংখ্যক সেনা নিয়োগ কৰিছে ৰাজ্যখনক। মণিপুৰৰ প্ৰায় ৪,০০০ গাঁওবাসীক সেনা আৰু অসম ৰাইফলছৰ চাউনীৰ লগতে ৰাজ্যৰ বিভিন্ন চৰকাৰী অফিচৰ চৌহদত আশ্ৰয় দিয়া হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগ মাৰ্চো চলিছে। গাওঁবাসীসকলক হিংসাত্মক পৰিস্থিতিৰ পৰা আঁতৰাই ৰাখিবলৈ সুৰক্ষিত স্থানলৈ পঠোৱাৰ কাম চলি আছে।
উল্লেখ্য যে অনুসূচীত জনজাতি( এছ টি) শ্ৰেণীত মিতেই সম্প্ৰদায়ক অন্তৰ্ভূক্ত কৰাৰ বিৰোধীতাৰে প্ৰতিবাদী সমদল উলিয়াইছিল এটা ছাত্ৰ সংগঠনে। ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদৰ পৰাই হিংসা বিয়পি পৰে ৰাজ্যখনত। পোনতে মণিপুৰৰ টৰবাং এলেকাত পোনতে এই হিংসাত্মক ঘটনাৰ আৰম্ভনি হৈছিল। মণিপুৰৰ জনজাতীয় সংস্থা মিতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পদযাত্ৰাৰ আয়োজন কৰিছিল। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰে সেনাপতি, উখৰুল, কাংপোকপি, তামেংলং, চুৰাচান্দপুৰ, চান্দেল আৰু টেংনুপাল পাহাৰীয়া জিলাসমূহত এই পদযাত্ৰাৰ কথা ঘোষণা কৰে। য’ত ৰাজ্যখনৰ প্ৰায় ৪০ শতাংশ লোকে অংশগ্ৰহণ কৰে।
উক্ত পদযাত্ৰাত বনাঞ্চলৰ দাঁতিকাষৰীয়া বহু খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ অভিযান চলোৱা কাৰ্যক লৈ মাত মাতিছিল সাধাৰণ জনতাই। মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ফলত উত্তপ্ত হৈ পৰিছে প্ৰতিবাদস্থলী। বৰ্তমান পৰ্যন্ত অশান্তিৰ পৰিবেশে বিৰাজ কৰিছে মণিপুৰত। যাৰ ফলত ১৪৪ ধাৰা বৰ্তমানো জাৰি হৈ আছে মণিপুৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















