অসম লাইভ ২৪ঃ ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণত শংকিত সমগ্ৰ দেশ। পৰীক্ষা স্থগিত ৰখাৰ আহ্বানেৰে চৰকাৰলৈ আৱেদন একাংশ শিক্ষাৰ্থীৰ। মে’ত অনুষ্ঠিত হ’বলগীয়া CBSCৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰাখিবলৈ অথবা অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ১ লক্ষাধিক শিক্ষাৰ্থীৰ স্বাক্ষৰ সম্বলিত এক আৱেদন পত্ৰ প্ৰেৰণ কৰে চৰকাৰলৈ। অৱশ্যে, শিক্ষাৰ্থীৰ পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে CBSE আৰু CISCE উভয় কৰ্তৃপক্ষই। প্ৰতিদিনে অধিক অৱনতি ঘটিছে দেশৰ কোভিড পৰিস্থিতি। প্ৰতিদিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। তেনে পৰিস্থিতিত শিক্ষানুস্থানত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তক লৈ অসন্তুষ্ট শিক্ষাৰ্থী তথা অভিভাৱকসকল। এইক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাক সমৰ্থন জনায়। পৰিস্থিতিৰ বিবেচনা নকৰাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বাবে CBSEক দায়িত্বজ্ঞানহীন আখ্যা কংগ্ৰেছ নেত্ৰীগৰাকীৰ। আনহাতে, ভাৰতত কোভিড আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে গঢ়িছে নতুন ৰেকৰ্ড । বৰ্তমানলৈকে দেশত কোভিড আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১.৩১ লাখ। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১৬,৭৬৪গৰাকী ব্যক্তি আৰু মৃত্যু হৈছে ৭৮০জন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ