অসম লাইভ ২৪ঃ ভাৰতত কোভিডৰ দ্বিতীয় জোৱাৰৰ সংহাৰী ৰূপ। শুকুৰবাৰে পুৱা ৯ বজা পৰ্যন্ত বিগত ২৪ ঘণ্টাত ভাৰতত ক’ৰোনাত আক্ৰান্ত হৈছে ১,৩১,৯৬৮ গৰাকী ব্যক্তি। দেশত এদিনত মৃত্যু হৈছে ৭৮০ গৰাকী কোভিড ৰোগী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সম্প্ৰতি সক্ৰিয় অৱস্থাত আছে ৯,৭৯,৬০৮ গৰাকী কোভিড আক্ৰান্ত আৰু কোভিডমুক্ত হৈছে ১,১৯,১৩,২৯২ গৰাকী ব্যক্তি। ইয়াৰোপৰি বৰ্তমানলৈকে কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছে ১,৬৭,৬৪২ গৰাকী। মহাৰাষ্ট্ৰত দেশৰ ভিতৰত সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত হৈছে। ৰাজধানী দিল্লী আৰু মুম্বাইত ভয়াৱহ হাৰত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। আনহাতে ভেকচিনৰ অভাৱত মুম্বাইত বন্ধ হৈ আছে বহুসংখ্যক প্ৰতিষেধক প্ৰদান কেন্দ্ৰ। এফালে ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ, আনফালে ভেকচিনৰ অভাৱ। তাৰ মাজতে ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশে উদযাপন কৰিব ‘ভেকচিনেচন উৎসৱ’। বৃহস্পতিবাৰে বিয়লি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়ছোৱাত ৪৫ ঊৰ্ধ্বৰ সকলো ব্যক্তিক টিকাকৰণৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ