অসম লাইভ২৪ঃ ১৭ এপ্ৰিলত দেশজুৰি পালন কৰা হ’ব ৰামনৱমী। এইবাৰ ৰাম নৱমী তিথিত নানান শুভ যোগৰ সংযোগ ঘটিব। যি শুভ সংযোগ ৰামৰ জন্মৰ সময়তো তৈয়াৰ হৈছিল। শাস্ত্ৰমতে চ’ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত কৰ্কট লগ্ন অভিজিত মুহূৰ্তত জন্মগ্ৰহণ কৰিছিল ৰামচন্দ্ৰই। এইবাৰো ৰাম নৱমীত তেনে শুভ সংযোগেই তৈয়াৰ হ’ব। ১৭ এপ্ৰিলৰ দুুপৰীয়া এই বিশেষ মুহূৰ্ত থাকিব। ইয়াৰোপৰি এই দিনটোত থাকিব গজকেশৰী যোগৰ প্ৰভাৱ। ৰামৰ কোষ্ঠীতো গজকেশৰী যোগ আছিল।
ৰামৰ কোষ্ঠীৰ দশম স্থান আৰু উচ্চ ৰাশিত সূৰ্যই অৱস্থান কৰিব। এইবাৰ ৰাম নৱমীত সূৰ্যই নিজৰ উচ্চ ৰাশি মেষ আৰু দুপৰীয়া দশম স্থানত অৱস্থান কৰিব। ৰামৰ জন্মছকত শুক্ৰৰ ভাগ্যস্থান উচ্চ। ১৭ এপ্ৰিলৰ ৰাম নৱমীতো এই দুৰ্লভ যোগ তৈয়াৰ হৈছে। এই সময়ত শুক্ৰই নিজৰ উচ্চ ৰাশিত অৱস্থান কৰি মালব্য ৰাজযোগ তৈয়াৰ কৰিব। এই পৰিস্থিতিত এইবাৰৰ ৰাম নৱমীত জন্মগ্ৰহণকাৰী শিশুসকলো বিশেষ গুণৰ অধিকাৰী হ’ব। ৰাম নৱমীত সৃষ্ট এই বিৰল যোগ পাঁচ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। এই ৰাশিৰ জাতকৰ জাতকৰ ওপৰত ৰামৰ বিশেষ আশীৰ্বাদ থাকিব। ইয়াৰোপৰি এওঁলোকে জীৱনত প্ৰচুৰ উন্নতি আৰু সফলতা অৰ্জন কৰিব পাৰিব।
মেষ ৰাশি
মেষ ৰাশিৰ জাতকে কিছু সময় ধৰি আৰ্থিক সমস্য়াৰ মুখামুখি হৈ থাকিলে এই সময়ত সকলো অসুবিধা দূৰ হ’ব। পৈতৃক সম্পত্তিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক। চাকৰিয়াল জাতকে পদ-প্ৰতিষ্ঠাৰ দ্বাৰা লাভাম্বিত হ’ব। ৰামৰ কৃপাত পাৰিবাৰিক জীৱনৰ সমস্যাসমূহৰ পৰাও মুক্তি লাভ কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব।
কর্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ ওপৰত ৰামৰ বিশেষ আশীৰ্বাদ থাকিব। ৰামৰ আশীৰ্বাদত এই সময়ত ভাল লাভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ। এই পৰিস্থিতিত কোনো ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব পাৰে। যাৰ দ্বাৰা ভৱিষ্যতে লাভাম্বিত হ’ব। পাৰিবাৰিক জীৱনত উন্নতিৰ যোগ। সমাজত মান-সন্মান বাঢ়িব।
তুলা ৰাশি
ৰাম নৱমীত ৰামৰ আশীৰ্বাদত তুলা ৰাশিৰ জাতকৰ ৰৈ থকা সমস্ত কাম সমাপণ হ’ব। নতুন বাহন ক্ৰয়ৰ সপোন থাকিলে এই সময়ত পূৰ্ণ হ’ব। অৰ্থ দান কৰিলে বহুগুণ শুভ ফলাফল লাভ কৰিব। অসহায় লোকক সহায় কৰক। কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ লাভ কৰিব।
মকর ৰাশি
ৰামৰ আশীৰ্বাদত মকৰ ৰাশিৰ জাতকে সমস্ত সমস্য়াৰ পৰা মুক্তি পাব। প্ৰিয় মানুহৰ সৈতে দেখা হ’ব পাৰে। ইয়াৰোপৰি উন্নতিৰ পথ প্ৰশস্ত হ’ব এই ৰাশিৰ জাতকৰ। কাৰোবাৰ পৰা উপহাৰ লাভ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে। ইয়াৰোপৰি সমাজত সন্মানিত হ’ব। ধন বৃদ্ধিৰ প্ৰৱল যোগ আছে। ধৰ্মীয় যাত্ৰালৈ যাব পাৰে।
মীন ৰাশি
মীন ৰাশিৰ জাতকে ৰামৰ আশীৰ্বাদত কেৰিয়াৰ ভাল হ’ব। ইতিবাচক পৰিণাম লাভ কৰিব পাৰিব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। পৰিয়াললৈ আনন্দৰ আগমন হ’ব। ৰামৰ কৃপাত পুৰণা ঋণৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে। লগ্নিৰ বাবে এই সময় অনুকূল। এই সময়ত লগ্নি কৰিলে ভৱিষ্যতে ইয়াৰ দ্বাৰা ভাল ফল লাভ কৰিব পাৰে। সমস্ত পাৰিবাৰিক বিবাদ সমাধান হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ