জুন মাহ শেষ হ’বলৈ মাজত মাত্ৰ আৰু দুটা দিনহে বাকী আছে৷ অৰ্থাৎ আৰু দুটা দিনৰ পিছতে আৰম্ভ হ’ব জুলাই মাহ৷ আগন্তুক মাহৰ প্ৰথম তাৰিখৰ পৰা অৰ্থাৎ ১ জুলাইৰ পৰা দেশত বহুতো বৃহৎ পৰিৱৰ্তন ঘটিব বুলি চৰ্চা চলিছে, যিবোৰে আপোনাৰ দৈনন্দিন জীৱনতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব৷
কি কি পৰিৱৰ্তন ঘটিব তলত উল্লেখ কৰা হ’ল —
১. PAN- Aadhaar Linking: যদি আপুনি এতিয়াও আপোনাৰ Aadhaar-PAN কাৰ্ড লিংক কৰা নাই, তৎক্ষণাত PAN কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ লিংক কৰক। আধাৰ পান সংযোগ কৰাৰ শেষ তাৰিখ ৩০ জুন। যদি আপুনি ৩০ জুনৰ আগতে এই কামটো কৰে, তেন্তে আপুনি ৫০০ টকা জৰিমনা দিব লাগিব৷ কিন্তু তাৰ পিছত ক্ষতিপূৰণৰ দুগুণ বৃদ্ধি পাব পাৰে!
লগতে পঢ়ক পানীপুৰী খাই কলেৰাত আক্ৰান্ত লোক! পানীপুৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি!
২. TDS On Cryptocurrency: ১ জুলাইৰ পৰা ক্ৰিপ্টোকাৰেন্সীৰ বিনিয়োগকাৰীসকলে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে! অহা মাহৰ পৰা সকলো ক্ৰিপ্টো লেনদেনত ১ শতাংশ টিডিএছ দিব লাগিব। লাভ বা লোকচান যিয়েই নহওক সেয়া দিবই লাগিব। ২০২২-২৩ চনৰ পৰা ক্ৰিপ্টোকাৰেন্সীৰ পৰা পোৱা আয়ৰ ওপৰত ৩০ শতাংশ মূলধনী লাভত কৰ আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়া ১ জুলাইৰ পৰা ক্ৰিপ্টো লেনদেনৰ ক্ষেত্ৰতো ১ শতাংশ টিডিএছ দিব লাগিব।
৩. ব্যয়বহুল হ’ব AC: অহা মাহৰ পৰা আপুনি এয়াৰ কণ্ডিচনাৰ অধিক দামত ক্ৰয় কৰিব লাগিব। আচলতে BEE অৰ্থাৎ ব্যুৰো অৱ এনাৰ্জি ইফিচিয়েন্সিয়ে এয়াৰ কণ্ডিচনাৰৰ বাবে এনাৰ্জি ৰেটিং নিয়ম সলনি কৰিছে। এই পৰিৱৰ্তন ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ ১ জুলাইৰ পৰা ৫ তাৰকাযুক্ত এচিৰ ৰেটিং পোনে পোনে ৪ তাৰকালৈ যাব। নতুন শক্তি দক্ষতা নিৰ্দেশনাৰ ফলত অনাগত বছৰবোৰত ভাৰতত এচিৰ মূল্য ৭-১০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
৪. সলনি হ’ব কাৰ্যালয়ৰ সময়: দেশত ৪ টা শ্ৰম সংহিতা(লেবাৰ ক’ড) কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত। যদি সকলো ঠিকে থাকে, তেন্তে ১ জুলাইৰ পৰা বলবৎ হ’ব শ্ৰম সংহিতাৰ নতুন নিয়ম। ই ৰূপায়ণ হোৱাৰ লগে লগে ইন হেণ্ড দৰমহা, কৰ্মচাৰীৰ অফিচ টাইমিং, পি এফৰ ধন, গ্ৰেচুইটি আদিৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি সৰ্বোচ্চ কৰ্ম সময় ১২ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। কৰ্মচাৰীয়ে ৪ দিনত অৰ্থাৎ প্ৰতিদিনে ১২ ঘণ্টা কাম কৰিব লাগিব ৪৮ ঘণ্টা। প্ৰতি পাঁচ ঘণ্টাৰ মূৰে মূৰে কৰ্মচাৰী সকলক আধা ঘণ্টা জিৰণিৰ প্ৰস্তাৱো দিয়া হৈছে।
লগতে পঢ়ক অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!
৫. LPG মূল্যৰ পৰিৱৰ্তন: প্ৰতি মাহৰ ১ তাৰিখে গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰা হয়। চিলিণ্ডাৰৰ দাম নিৰন্তৰভাৱে বৃদ্ধি পোৱাৰ ধৰণটোলৈ চালে অনুমান কৰা হৈছে যে ১ জুলাইত এল পি জিৰ চিলিণ্ডাৰৰ দামও বৃদ্ধি হ’ব পাৰে।
৬. Demat Account KYC: যদি আপুনি ষ্টক মাৰ্কেটত বিনিয়োগ কৰে, তেন্তে আপুনি ৩০ জুনৰ ভিতৰত আপোনাৰ ট্ৰেডিং একাউণ্ট KYC সম্পূৰ্ণ কৰি দিব লাগে, নহ’লে আপোনাৰ একাউণ্টটো সাময়িকভাৱে বন্ধ হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে আপুনি ১ জুলাইৰ পৰা শ্বেয়াৰৰ ব্যৱসায় কৰিব নোৱাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ