অসম লাইভ ২৪ঃ মাৰ্ক জুকাৰবাৰ্গক বিচাৰি কলম্বিয়া আৰক্ষীৰ বিজ্ঞাপন। সন্ধান দিওঁতালৈ ৩ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ২২ কোটি ২৭ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। কলম্বিয়া আৰক্ষীৰ এই বিজ্ঞাপনে সম্প্ৰতি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত তোলপাৰ লগাইছে। ২২,০০০ৰো অধিক লোকে শ্বেয়াৰ কৰিছে ফটোখন। মাৰ্ক জুকাৰবাৰ্গকো টেগ কৰিছে বহুলোকে। কাৰণ আৰক্ষীৰ ভাষ্য অনুসৰি বিজ্ঞাপনত থকা সেই ব্যক্তিগৰাকীয়ে এক ভয়ংকৰ অপৰাধ সংঘটিত কৰিছে। কলম্বিয়াৰ ৰাষ্ট্ৰপতি ইভান দুকেৰ হেলিকপ্টাৰত আক্ৰমণ কৰে দুগৰাকী ব্যক্তিয়ে। ঘটনা সংঘটিত হোৱাৰ পাছত সন্দেহজনক দুই আক্ৰমণকাৰীৰ স্কেটচ অংকন কৰি প্ৰকাশ কৰে কলম্বিয়া আৰক্ষীয়ে। তাৰে এগৰাকী ব্যক্তিৰ স্কেটচ মাৰ্ক জুকাৰবাৰ্গৰ চেহেৰাৰ সৈতে সাদৃশ্য থকা।
সেই স্কেটচ এতিয়া ভাইৰেল হৈ পৰিছে ফেচবুকত। অপৰাধ সংঘটিত কৰি পলাই থকাৰ পৰিৱৰ্তে আৰক্ষীৰ হাতত ধৰা দিবলৈ মাৰ্ক জুকাৰবাৰ্গক একাংশই আহ্বান জনাইছে যদিও প্ৰকৃত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা নাই মাৰ্ক জুকাৰবাৰ্গ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ