অসম লাইভ২৪ঃ দাম্পত্য জীৱন সুখৰ নহ’ল৷ সংসাৰ নিটিকিল৷ সেয়ে এইবাৰ বিয়াৰ ফটোগ্ৰাফাৰক ধন ওভতাই বিচাৰিছে এগৰাকী মহিলাই৷ সম্প্ৰতি ফটোগ্ৰাফাৰ আৰু তৰুণীগৰাকীৰ কথোপকথনৰ কেইটামান স্ক্ৰিণশ্বট ভাইৰেল হৈ পৰিছে৷ ডাৰবানৰ বাসিন্দা তৰুণীগৰাকীয়ে ২০১৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল৷ বিয়াৰ দিনা এজন বিশেষ ফটোগ্ৰাফাৰে ফটোশ্বুটটো কৰিছিল৷ এই ফটোশ্বুটৰ বাবে মোটা অংকৰ ধনো দিয়া হৈছিল ফটোগ্ৰাফাৰক৷ বিয়াৰ ফটোবোৰ ভালধৰণে সংৰক্ষণ কৰি ৰাখিবলৈকে এই সিদ্ধান্ত লৈছিল যুৱতীগৰাকীয়ে৷ কিন্তু বিয়াখন ভাঙি যোৱাৰ বাবেই এতিয়া আফচোচত পৰিছে তৰুণীগৰাকী৷
তৰুণীগৰাকীয়ে হোৱাটছএপ যোগে লিখিছে, ‘মই নাজানো আপুনি মোক মনত ৰাখিছেনে? ২০১৯ চনত ডাৰবানত আমাৰ বিবাহৰ ছবি তুলিবলৈ আপোনাক মাতিছিলো৷’ তৰুণীগৰাকীৰ পৰা এই মেছেজ লাভ কৰিয়েই ফটোগ্ৰাফাৰজনেও ৰিপ্লাই দিছে৷ ‘হয় বাইদেউ আপোনাক চিনি পাইছো, কিয় পাহৰিম আপোনাক?’ এই মেছেজ লাভ কৰিয়েই তৰুণীগৰাকীয়ে আকৌ ৰিপ্লাই দিছে, ‘হয় আপুনি ছবি তোলা আমাৰ বিয়াখন এতিয়া নাই৷ আমি বিচ্ছেদ ল’লো৷ সেয়ে এতিয়া মোক আৰু সেই ছবিসমূহৰো প্ৰয়োজন নাই৷ মই আপোনাৰ অনুৰোধ কৰিছো ছবিসমূহৰ বাবদ আপুনি মোৰ পৰা লোৱা ধন উভতাই দিয়ক৷’
তৰুণীগৰাকীৰ পৰা এই মেছেজ লাভ কৰি হচকিত হৈ পৰিছে ফটোগ্ৰাফাৰো৷ ফটোগ্ৰাফাৰে জনোৱা মতে তেওঁ পোনতে তৰুণীগৰাকীয়ে তেওঁক ধেমালী কৰা বুলি ভাৱিছিল৷ কিন্তু ভালকৈ কথা পতাৰ পাছত বুজিলে যে তৰুণীগৰাকীয়ে ধেমালী কৰা নাই৷ তৰুণীৰ এই অনুৰোধ কোনো কাৰণতে মানি নল’লে ফটোগ্ৰাফাৰে৷ টকা উভতাই দিবলৈ পোনছাটেই অস্বীকাৰ কৰিলে ফটোগ্ৰাফাৰজনে৷ ফটোগ্ৰাফাৰজনে তৰুণীক উদ্দেশ্যি লিখিলে, ‘মই কাম কৰি আপোনাৰ পৰা মাননি লৈছো৷ ছবিসমূহ আপোনাক দিলো৷ মোক ছবি উভতাই নালাগে৷ আৰু মই আপোনাৰ টকা উভতাই দিব নোৱাৰিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ