বিগত কেইবাদিনো ধৰি হিমাচল প্ৰদেশত ভয়াৱহ বৃষ্টিপাত৷ বৃষ্টিপাতৰ ফলতেই এতিয়া ভয়াৱহ হৈ পৰিছে হিমাচলৰ পৰিস্থিতি৷ হিমাচলৰ চৌদিশে এতিয়া ভয়ংকৰ ভূমিস্খলন৷ খহিছে এখনৰ পাছত আনখন পাহাৰ৷ ইতিমধ্যেই ছিমলাৰ ৰোহানাৰ কাষৰ ৭০৭ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ সামাজিক মাধ্যমত ভাইৰেল হৈ ছিমলাৰ এটা ৩০ ছেকেণ্ডৰ ভিডিঅ’৷ সেই ভিডিঅ’ত দেখা অনুসৰি এখন পাহাৰৰ এটা অংশ ভাঙি পৰিছে৷ ডাঙৰ ডাঙৰ শিল ৰাস্তাত পৰি বন্ধ হৈ পৰিছে কেইবাটাও পথ৷ মাণ্ডিৰ ৩৮ টা ৰাস্তা, কুল্লুৰ ১৪ টা ৰাস্তা, ছিৰমৌৰ ৪টা ৰাস্তা, কাংড়া জিলাৰ এটা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰশাসনে৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি হিমাচল প্ৰদেশৰ মুঠ টাকৈ পথ ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হৈছে৷
https://x.com/sanat_design/status/1809824504341815468
বিগত এসপ্তাহ ধৰি হিমাচলত প্ৰৱল বৃষ্টিপাত৷ ইয়াৰমাজতেই কাংড়াৰ ধৰ্মশালা আৰু পালমপুৰত ২০০ মিলি মিটাৰতকৈয়ো বেছি বৃষ্টিপাত হৈছে৷ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি ভয়ংকৰ বৃষ্টিপাতৰ ফলতেই এতিয়ালৈকে ১৫৮ টা ট্ৰেন্সফৰ্মাৰ বিকল হৈছে ইয়াৰোপৰি ২৬টাকৈ জলপ্ৰকল্প বিকল হৈ পৰিছে৷
জুলাই মাহত বৰ্তমান পৰ্যন্ত সেই ৰাজ্যত ৭২.১ মিলিমিটাৰ বৰষুণ হৈছে৷ বতৰ বিজ্ঞানীয়ে দাবী কৰিছিল যে এই জুলাইত তাত বৃষ্টিপাতৰ মাত্ৰা থাকিব ৩৫ মিলিমিটাৰ৷ কিন্তু সেই হিচাপতকৈ ১০৬ শতাংশ বেছি বৃষ্টিপাত হৈছে হিমাচলত৷ অতি বৃষ্টিৰ বাবেই লাহৌল আৰু স্পিতিত নিশাৰ ভাগৰ তাপমাত্ৰা কমি হৈছেগৈ ১১.৬ ডিগ্ৰি ছেলচিয়াছ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ