অভিনেতাৰ ৰূপত বিৰাট নেকি, নে বিৰাটৰ দৰে সাইলাখ কোনো অন্য !
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সুদক্ষ খেলুৱৈ তথা অতিকে জনপ্ৰিয়, যাৰ জনপ্ৰিয়তা কেৱল ভাৰততে নহয়, বিশ্বৰ সকলো ক্ৰিকেট প্ৰেমীৰেই অন্যতম প্ৰিয় খেলুৱৈ বিৰাট। সেই বিৰাটৰ প্ৰতিটো খবৰেই জানিবলৈ বিচাৰে অনুৰাগীসকলে।
বিৰাট সন্দৰ্ভত এক বিশেষ কথা ভাইৰেল হৈ আছে সামাজিক মাধ্যমত। এখন আফগানী ফটো ভাইৰেল হৈছে বিৰাটৰ চেহেৰাত। যি ফটো দেখি বহু অননুৰাগীয়েই আচৰিত হৈ পৰিছে।
বহুতেই প্ৰশ্ন কৰিছে অভিনয় আৰম্ভ কৰিলে নেকি বিৰাটে! নে কোনো ফটোশ্বুটত ব্যস্ত বিৰাট ! কিয় আফগানী ৰূপ ধাৰণ কৰিছে বিৰাটে।
পাছে এয়া বিৰাট নহয়, সাইলাখ বিৰাটৰ দৰে দেখা এগৰাকী অন্য লোকহে। এইগৰাকী এগৰাকী তুৰ্কী অভিনেতা। নাম কেবিট সোটিন গুণৰ। যি দেখাত সাইলাখ বিৰাটৰ দৰে। একেই চকুৰ চাৱনি, একেই ভাজলগা ভ্ৰু , একেই নাক, একেই দাড়ি, একেই ওঁঠ।
যাৰ বাবে অনুৰাগী আচৰিত হৈছে ৩৯ বৰ্ষীয় অভিনেতা গুণৰ আৰু ৩৬ বৰ্ষীয় বিৰাটৰ চেহেৰা দেখি।
উল্লেখ্য যে, গুণৰ অভিনীত এখন ১৩শ শতাংব্দীৰ সময়ত ওপৰত আধাৰিত চিনেমাত অভিনয় কৰোতে যি চেহেৰা ধাৰণ কৰিছে সেই চেহেৰাই সাইলাখ বিৰাটৰ দৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ