মে মাহত মেঘালয়লৈ মধুচন্দ্ৰিমাৰ বাবে আহি স্বামীক হত্যা কৰিলে ইন্দোৰৰ বোৱাৰী সোনম ৰঘুবংশীয়ে৷ স্বামী ৰাজাক হত্যা কৰি পাহাৰৰ পৰা পেলাই দি আকৌ ইন্দোৰলৈকে উভতি গৈছিল সোনম৷ শেষত গাজিপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামীহন্তা সোনমক৷ এই হত্যাকাণ্ডক লৈ দেশজুৰি চৰ্চাও চলি আছে৷ এই হত্যাকাণ্ডৰ নাম দিয়া হৈছে হানিমুন হত্যা৷
কাৰণ আৰক্ষীৰ মতে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ আছিল তেওঁৰেই পত্নী সোনম ৰঘুবংশীৰ৷ সোনম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই সুস্থ মগজুৰেই এই হত্যাকাণ্ডৰ প্লেন প্ৰস্তুত কৰিছিল৷ আৰু প্লেনমতেই শেষো কৰি দিয়া হৈছে ৰাজাৰ জীৱন৷ ইমানদিনে পুত্ৰৰ মৃত্যুত ভাঙি পৰিলেও ৰাজাৰ মাতৃয়ে সোনমৰ বিৰুদ্ধেও কোনো মন্তব্য কৰা নাছিল৷ সোনমক লৈ মুখ বন্ধই ৰাখিছিল ৰাজাৰ মাতৃয়ে৷ শেহতীয়াকৈ হতাকাৰী পুত্ৰবধূক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন কৰিছে ৰাজা ৰঘুবংশীৰ মাতৃয়ে৷
বৃহস্পতিবাৰে সংবাদ সংস্থা এ এন আই ক দিয়া এক সাক্ষাৎকাৰত সোনমৰ বিৰুদ্ধে তদন্তকাৰীসকলক বিভ্ৰান্ত কৰাৰো অভিযোগ তুলিছে উমাই৷ সোনমক তেওঁ অপৰাধ স্বীকাৰ কৰাৰো আহ্বান জনাইছে৷ তেওঁ কৈছে, ‘সোনমে সকলোকে বিভ্ৰান্ত কৰি আছে৷ সম্পূৰ্ণ সত্য এতিয়াও প্ৰকাশ কৰা নাই৷ কিয় তাই ৰাজাক হত্যা কৰিলে? সেয়া খুলি নোকোৱালৈকে তাইক আৰক্ষীৰ জিম্মাতেই ৰখা উচিত৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ