জ্যোতিষ শাস্ত্ৰত পঞ্চমহাপুৰুষ ৰাজযোগৰ কথা উল্লেখ আছে৷ পাঁচটা বিশিষ্ট গ্ৰহৰ ৰাশি পৰিবৰ্তন আৰু অৱস্থানৰ কাৰণে পাঁচটা পৃথক ৰাজযোগ তৈয়াৰ হৈছে৷ এই পাঁচটা গ্ৰহ হৈছে মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি৷ মঙ্গল ৰুচক মহাপুৰুষ ৰাজযোগ তৈয়াৰ হৈছে৷ এইবাৰ কিছু দিনৰ ভিতৰতেই গ্ৰহৰাজ বুধে ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব৷ জ্যোতিষ অনুসৰি বুধ স্বৰাশিত প্ৰৱেশ কৰিলে এই ৰাজযোগ নিৰ্মিত হয়৷ জুন মাহৰ ওপৰিও এই সময়ত স্বৰাশি মিথুনত গোচৰ কৰিব এই গ্ৰহই৷ ইয়ালৈ অহাৰ পাছতেই বুধ ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব৷ ইয়াৰ প্ৰভাৱত কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি সম্ভৱ৷ কোন কোন ৰাশিৰ জাতক এই যোগৰ দ্বাৰা লাভৱান হ’ব জানি থওক সবিশেষ৷
মিথুন ৰাশি
ভাদ্ৰ ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক৷ এই ৰাশিৰ লগ্ন স্থানত বিচৰণ কৰি বুধ ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিছে৷ ইয়াৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন হ’ব৷ সমস্ত ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা আৰু আৰ্থিক লাভ অৰ্জন কৰিব পাৰিব৷ কাম আৰু ব্যৱসায়ত উন্নতি হ’ব৷ চাকৰিয়াল জাতকৰ পদোন্নতিৰ ওপৰিতও বেতনবৃদ্ধিৰ সুসংবাদ পাব৷ দাম্পত্য জীৱনৰ বাবে ভাল সময় কটাব৷ অংশীদাৰিত্বৰ কামত লাভাম্বিত হ’ব৷
সিংহ ৰাশি
বুধৰ ভদ্ৰ ৰাজযোগ আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ গ্ৰহৰ যুৱৰাজে আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত বিচৰণ কৰিছে৷ এই সময়ত আয়ৰ নতুন উৎস পাব৷ আয় বৃদ্ধি হ’ব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ সন্তান সংক্ৰান্তিয় কোনো সুসংবাদ পাব এই ৰাশিৰ জাতকে৷ শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীৰ মাধ্যমেৰে ভাল লাভ হ’ব৷
মকৰ ৰাশি
ভদ্ৰ ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী৷ বুধে আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত ভ্ৰমণ কৰিব৷ আইনী গোচৰত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ শত্ৰুক পৰাজিত কৰাত সফল হ’ব৷ কোনো নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে৷ অৰ্থ, সম্পত্তি, পাৰিবাৰিক বিষয়ৰ বাবে ভদ্ৰ ৰাজযোগ লাভজনক৷ কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে৷ বুধ আপোনাৰ ৰাশিৰ নৱম স্থানৰ অধিপতি৷ এই সময়ত ভাগ্যৰ সংগ লাভ কৰিব এই ৰাশিৰ জাতকে৷ সৰু-ডাঙৰ যাত্ৰাৰো যোগ আছে আপোনাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ