অসম লাইভ ২৪ঃ মহানগৰীৰ ছার্ভেত সংঘটিত হয় এক লোমহর্ষক হত্যাকাণ্ড৷ শোৱাপাটিতে বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰে দুর্বৃত্তই৷ ছাৰ্ভেৰ চন্দন নগৰৰ দম্পতী ননী বৰুৱা আৰু তেওঁৰ পত্নীক হত্যা কৰে দুর্বৃত্তই৷ নিশা দুর্বৃত্তই সংঘটিত কৰে এই ঘটনা৷ সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল৷ বৰ্তমানলৈকে চিনাক্ত হোৱা পৰা নাই দুৰ্বৃত্ত৷ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ