অসম লাইভ২৪ঃ আটলাণ্টিক মহাসাগৰত এইবাৰ ডুব গৈছে পৰ্যটক কঢ়িওৱা এখন ছাবমেৰিন। মুঠ ৫যাত্ৰীসহিতে ডুব গৈছে টাইটান নামৰ ছাবমেৰিনখন। ছাবমেৰিনৰ পাইলটসহ ৪গৰাকী পৰ্যটকক লৈ টাইটানিক ডুব যোৱা সেই স্থানলৈকে আগবাঢ়িছিল ছাবমেৰিন টাইটান। কিন্তু ২৪ঘণ্টাৰো অধিক সময় ধৰি টাইটানৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আটলাণ্টিক মহাসাগৰত হঠাতেই নিখোজ হৈ পৰিছে ছাবমেৰিনখন। টাইটানক বিচাৰি অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে। ইপিনে টাইটানত মাত্ৰ ৭০ঘণ্টাৰ বাবেহে অক্সিজেন মজুত আছে।
নিউ ফাউণ্ডলেণ্ডৰ চেণ্ট জন’ছৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ছাবমেৰিন টাইটানে। জৰুৰী পৰিস্থিতিৰ বাবে টাইটানত মজুত আছিল ৯৬ঘণ্টাৰ অক্সিজেন। বিশেষজ্ঞসকলৰ অনুমান যে, ইতিমধ্যে ২৪ঘণ্টা পাৰ হৈছে ছাবমেৰিনখন নিখোজ হোৱাৰ তেনেক্ষেত্ৰত এতিয়া মাত্ৰ ৭০ঘণ্টাৰহে অক্সিজেন মজুত আছে ছাবমেৰিনখনত।
উল্লেখ্য যে, টাইটানত যাত্ৰী হিচাপে আছিল ব্ৰিটেইনৰ কোটিপতি ব্যৱসায়ী হামিশ হাৰ্ডিং, ৫৯বছৰীয়া হামিশৰ প্ৰধান নিচাই হৈছে ন ন ঠাইলৈ যোৱা। নতুন নতুন বস্তু আৱিষ্কাৰ কৰা। বিগত দেওবাৰে সামাজিকমাধ্যমত তেওঁ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ যোৱাৰ ইচ্ছা আছে বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছিল। ছাবমেৰিনেৰে সেই স্থানলৈ যাব বুলিও উল্লেখ কৰিছিল। আৰু ভৱামতেই টাইটান নামৰ ছাবমেৰিনখনত তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা কিছুদূৰ আগবাঢ়িছিলহে মাত্ৰ হঠাতেই সকলো সংযোগ বিচ্ছিন্ন হয় টাইটানৰ সৈতে। তাৰপিছৰে পৰা বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই টাইটানৰ।
টাইটানৰ তালাছিত নামি পৰিছে ওয়ানগেট নামৰ এটা উদ্ধাৰকাৰী সংস্থা। আমেৰিকান উপকুলৰক্ষী বাহিনীৰ লগতে কানাডাৰ সেনাও নামি পৰিছে অভিযানত। কেৱল নৌবাহিনীয়েই নহয় অভিযানত নামি পৰিছে বায়ুসেনা বাহিনীও। ছাবমেৰিনখন বিচাৰি উলিয়াই পৰ্যটকক দ্ৰুত উদ্ধাৰৰ আশ্বাস দিছে উদ্ধাৰকাৰী দলে। যি স্থানৰ পৰা সংযোগ বিচ্ছিন্ন হৈছিল সেই স্থানতেই পোনতে ছাবমেৰিনখনৰ সন্ধান কৰিছে উদ্ধাৰকাৰী দলে। অৱশ্যে সেই স্থানত ঢৌ বহু উচ্চতালৈ উঠাৰ বাবে বিপাঙতো পৰিছে উদ্ধাৰকাৰী দল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ