কিদৰে প্ৰমাণিত অপাৰেচন মহাদেৱত নিহত ৩ পেহেলগাম আক্ৰমণৰ মূল! অমিত শ্বাহে কৰিলে সদৰি
২৮ জুলাই তাৰিখে অপাৰেচন মহাদেৱৰ সাফল্য হিচাপে ভাৰতীয় সেনাই ৩ টাকৈ সন্ত্ৰাসবাদী নিধন কৰে। এই ঘটনাৰ পাছতে সদৰি হয় যে, এই ৩ সন্ত্ৰাসবাদীয়েই পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড। তিনিও সন্ত্ৰাসবাীৰ পৰিচয়ো সদৰি কৰে ভাৰতীয় সেনাই।
পাছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, এই তিনি সন্ত্ৰাসবাদী সঁচাকৈয়ে ২৬ নিৰিহৰ হত্যাৰ মূল অভিযুক্ত হয় নে নহয়! এই সন্দৰ্ভত আজি সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মন্তব্য দাঙি ধৰে।
অমিত শ্বাহে সংসদৰ মজিয়াত এই সন্দৰ্ভত বিষদ ভাৱে বিৱৰণ দি কয় য়ে, সন্ত্ৰাসবাদীকেইটাৰ পৰা উদ্ধাৰ হোৱা ৰাইফলৰ নলী আৰু খোখোৰ পৰীক্ষা কৰাৰ অন্তত এইটো নিশ্চিত হয় যে, অপাৰেচন মহাদেৱত নিহত ৩ সন্ত্ৰাসবাদী পেহেলগাম ঘটনাৰ আক্ৰমণকাৰী।
সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হোৱা একে-৪৭ আৰু এম-৯ কাৰ্বাইন পৰীক্ষা কৰি এই কথা নিশ্চিত কৰা বুলিও সংসদত উল্লেখ কৰে অমিত শ্বাহে। পহলগাম আক্ৰমণৰ পিছত উদ্ধাৰ হোৱা ৰাইফলৰ বেৰেল আৰু গোলাবোৰ পৰীক্ষাৰ বাবে চণ্ডীগড় এফ এছ এললৈ প্ৰেৰণ কৰা হৈছিল।
পৰীক্ষাত দেখা যায় যে অপাৰেচন মহাদেৱৰ সময়ত তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰেই পহলগাম আক্ৰমণ সংঘটিত হৈছিল। সন্ত্ৰাসবাদীৰ পৰা এম ৯ আমেৰিকান ৰাইফল আৰু দুটা এ কে ৪৭ উদ্ধাৰ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















