অসম লাইভ২৪ঃ মনে-প্ৰাণে পদুম। গুজৰাট মানেই বিজেপি। গুজৰাটত কোনো শক্তিয়ে ৰোধিব নোৱাৰে বিজেপি জয়যাত্ৰাক। গুজৰাটৰ বিজেপিয়ে যি সবল ভেটিঁ গঢ়িছে, সেই ভেটিঁ লৰাব নোৱাৰিলে কংগ্ৰেছ, আপ কোনো দলেই। আনহে নালাগে নিৰ্বাচনৰ ঠিক কিছুদিন পূৰ্বে গুজৰাটৰ মৰবীত সংঘটিত হোৱা শোকাৱহ দলং দুৰ্ঘটনা হোৱা সমষ্টিতো জয়লাভ কৰিলে বিজেপি দলে।
উল্লেখ্য যে, এই দলং দুৰ্ঘটনাত ১৩০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল। এই ঘটনাক লৈয়ে বিৰোধীয়ে তীব্ৰ কটাক্ষৰ লগতে ৰাজনীতিৰ লাভালাভৰ বাবে বিষয়টোক বেছিকৈয়ে চৰ্চালৈ আনিছিল। কিন্তু সকলোবোৰৰ মাজতে গুজৰাটবাসীয়ে নুশুনিলে বিৰোধী কথা। পুনৰবাৰ গুজৰাটবাসীয়ে আস্থা ৰাখিলে বিজেপিৰ ওপৰতেই। এই সমষ্টিটোত ২৭ হাজাৰো অধিক ভোটত জয়ী হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ