অসম লাইভ ২৪ঃ বিশ্বৰ জনপ্ৰিয় নেতাসমূহৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অন্যতম৷ দেশৰ শাসনভাৰ হাতত লোৱাৰে পৰা নেতাগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ তাৰ ভিতৰত তিনি তালাক বিৰোধী আইনো লেখত ল’বলগীয়া৷ আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও নিজৰ ২.০ কাৰ্যকাল আৰম্ভ কৰিছে৷ যোগী জনপ্ৰিয়তাও কোনো গুণে কম নহয়৷ কিন্তু এই নেতা দুগৰাকী জনপ্ৰিয়তা এইবাৰ সোমাইছে পতি-পত্নীৰ মাজত৷ যাৰ বাবে এগৰাকী মহিলাক স্বামীয়ে তিনি তালাকৰ জাননী প্ৰেৰণ কৰিছে৷ উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ এজন লোকে পত্নীক তিনি তালাকৰ জাননী প্ৰেৰণৰ পাছতে পত্নীয়ে অভিযোগ কৰিছে যে মই বিজেপিক ভোট দিয়াৰ বাবে মোৰ স্বামীয়ে মোক তিনি তালাক দিবলৈ ওলাইছে৷
দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?
মহিলাগৰাকীয়ে আৰু অভিযোগ কৰে যে স্বামীৰ পৰিয়ালে মোক যৌতুক বাবে অত্যাচাৰ কৰে৷ কিন্তু মোদী জী আৰু যোগী জী মোৰ লগত আছে আৰু মই যোগী জীক ভোট দিছো বুলি কওঁতে তেওঁৰ খং উঠিছিল। আৰু তাৰ বাবেই মোক তালাকৰ জাননী প্ৰেৰণ কৰিছে৷ মহিলা গৰাকীয়ে ইতিমধ্যে মুৰাদাবাদ আৰক্ষীত গোচৰ ৰুজু কৰি ন্যায়ৰ বাবে আৱেদন কৰিছে। ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে ২০১৯ চনত মোৰ বিয়া হৈছিল। বিয়াৰ পিছত ৬ মাহ সকলো ঠিকেই আছিল, কিন্তু কিছুদিন পিছতে স্বামী গৃহই মোক যৌতুকৰ বাবে অত্যাচাৰ কৰিছিল আৰু মোৰ স্বামীয়েও তেওঁলোকক সহায় কৰিছিল৷ ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে মই ন্যায় বিচাৰো। ঘৰত বহি বিবাহ বিচ্ছেদ দি ছোৱালীৰ জীৱন বিনষ্ট কৰি থকা এনে লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত।
ইপিনে মহিলাগৰাকীৰ স্বামী মহম্মদ নাদীমে অভিযোগ কৰে যে মোৰ পত্নীয়ে পত্নধর্ম পালন কৰা নাই আৰু তেওঁ পৰিয়ালত থাকিবলৈ নিবিচাৰে৷ সেয়ে তেওঁক বিধি অনুসৰি আইনী জাননী প্ৰেৰণ কৰা হৈছে। কাৰণ এটা সময়ত তিনি তালাক দিয়াটো অবৈধ। স্বামী আৰু অভিযোগ কৰে যে মোৰ পত্নীয়ে মোক ভুল ধৰণে ফচাব বিচাৰিছে৷ পত্নীয়ে সদায় ভাবুকি দিয়ে যে বিজেপি চৰকাৰ আছে, আপুনি যিমানেই নকৰক মই সকলোকে জেললৈ পঠিয়াই দিম। মই ভাৰতৰ আইন আৰু শ্বৰীয়ত অনুসৰি তেওঁক বিবাহ বিচ্ছেদ কৰিছো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ