অসম লাইভ ২৪ঃ চলিত বছৰৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে ভাৰতৰ প্ৰথমখন ব্যক্তিগতখণ্ডৰ কৃত্ৰিম উপগ্ৰহ ‘সতীশ ধৱন’ (Satish Dhawan) উৰণৰ বাবে সাজু হৈ উঠিব। নেনো উপগ্ৰহ সতীশ ধৱনে নিজৰ সৈতে লৈ যাব শ্ৰীভগৱত গীতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো, য’ত তেওঁৰ নাম লিখা থাকিব। মোদীৰ সৈতে আৰু অন্য ২৫ হাজাৰ ব্যক্তিৰ নামো লগত লৈ মহাকাশলৈ যাব উপগ্ৰহটোৱে। ‘প’লাৰ ছেটেলাইট লন্স ভেহিকল’ (PSLV) য়ে এইটো মুকলি কৰিব। উল্লেখ্য যে নেনো ছেটেলাইটোৰ নামৰ ভাৰত মহাকাশ কার্যসূচীক ৰূপদানকাৰী বিখ্যাত ব্যক্তি সতীশ ধৱনৰ নামেৰে ৰখা হৈছে। এই নেনো ছেটেলাইটো স্পেচকিডছ ইণ্ডিয়াই ডেভলপ কৰিছে। স্পেচকিডছ নামৰ সংস্থাটোৱে শিক্ষার্থীৰ মাজত মহাকাশ বিজ্ঞানৰ প্ৰচাৰ কৰে। স্পেচকিডছ ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা তথা CEO ড০ কেচনে কয় যে এই উপগ্ৰহটোৰ উৎক্ষেপণক লৈ সকলোৱে উৎসাহিত হৈ আছে। CEO ড০ কেচনে আৰু কয় যে আমি শ্ৰীভাগৱত গীতা মহাকাশত পঠাবলৈ সিদ্ধান্ত লৈছো। CEO গৰাকীয়ে কয় যে আমি টপ পেনেলত প্রধানমন্ত্ৰী মোডীৰ ফটো আৰু নাম ৰাখিছো, লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ ড০ কে ছিৱন তথা বৈজ্ঞানিক সচিব ড০ আৰ উমামহেশ্বৰৰ নাম অন্তর্ভুক্ত কৰা হৈছে। এই ছেটেলাইটৰ উৎক্ষেপণ ISROই নিজৰ নির্ভৰযোগ্য প’লাৰ ছেটেলাইট উৎক্ষেপণ বাহন PSLV C-51ৰ পৰা দুটি অন্য ব্যক্তিগত উপগ্ৰহৰ সৈতে কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















