ছেইফক আক্ৰমণৰ প্ৰকৃত অপৰাধী আৰক্ষীৰ জালত, মহমম্দ আলীয়ান নে বিজয় দাস
ছেইফ আলী খানৰ ঘৰত আক্ৰমণ চলোৱা ঘটনাত স্তম্ভিত হৈ পৰিছে চিনেমাজগত। লগে লগে আৰক্ষী ব্যস্ত হৈ পৰে অপৰাধীক আটকৰ বাবে। ৩৫টা আৰক্ষীৰ দল তদন্তৰ বাবে নিয়োগ কৰা হয় আৰু এনকাউণ্টাৰ বিশেষজ্ঞ দয়া নায়কক কমাণ্ড অৰ্পণ কৰা হয়।
বিগত ১৫ জানুৱাৰীৰ মাজ নিশা ২.৩০ বজাত দেওবাৰে পুৱতি নিশা ছেইফৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, থানেৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
থানেৰ কাছাৰৱাদাৱলীৰ হিৰণানন্দনী বাগিচাৰ পিছফালে থকা জোপোহাৰ পৰা ধৰিছে অভিযুক্তক। আৰক্ষীয়ে নিশ্চিত কৰিছে যে ধৃত অভিযুক্তই ছেইফ আলী খানক আক্ৰমণ কৰিছিল। অভিযুক্তইয়ো নিজে স্বীকাৰ কৰিছে আক্ৰমণৰ কথা।
অভিযুক্তৰ নাম মহম্মদ আলিয়ান ওৰফে বিজে। জেৰাৰ সময়ত তেওঁ প্ৰথমে আৰক্ষীক জনাইছিল তেওঁৰ ভুৱা নাম বিজয় দাস। অভিযুক্তই থানেৰ ৰিকিজ বাৰত গৃহ পৰিচালনাৰ কাম কৰিছিল। আৰক্ষীৰ মতে, অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে। আনহাতে পূৰ্বে আটক কৰা অভিযুক্ত বুলি ভৱা কৈলাশ অভিযুক্ত নহয় বুলি স্পষ্ট হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ