বহুতৰে মতে এয়া ঈশ্বৰৰ লীলাখেলা৷ কোনো কোনোৱে আকৌ কৈছে এয়া বান্দৰ সেনাৰ বিচক্ষণতা আৰু তৎপৰতা৷ এগৰাকী শিশুকন্যাক ধৰ্ষণৰ পৰা ৰক্ষা কৰিলে এপাল বান্দৰে৷ এই খবৰ এতিয়া বিয়পি পৰিছে সমগ্ৰ ছচিয়েল মিডিয়াৰ একাউণ্টে একাউণ্টে৷ ঘটনাটো উত্তৰপ্ৰদেশৰ বাঘপতৰ৷
খবৰ অনুসৰি ছবছৰীয়া শিশুকন্যাক প্ৰলোভন দি এটা পৰিত্যক্ত ঘৰলৈ লৈ গৈছিল এটা ধুৰন্দৰে৷ তাতেই ধৰ্ষণৰ চেষ্টা কৰিছিল৷ আৰক্ষীৰ অভিযোগনামাত নিৰ্যাতিতাৰ পিতৃ-মাতৃয়ে জনাইছে যে এই সময়তেই সেই বিশেষ ঘৰটোত এপাল বান্দৰ সোমাই পৰে৷ বান্দৰজাকে দৌৰি গৈ জপিয়াই পৰে ধুৰন্দৰৰ ওপৰত৷ বান্দৰৰ উপদ্ৰৱতেই সেই ধুৰন্দৰৰ যৌন লালসাৰ পৰা বাচি যায় শিশুকন্যাটি৷
ঘৰলৈ আহি পিতৃ-মাতৃৰ আগত সমগ্ৰ বৰ্ণনা দিছে কণমানিজনীয়ে৷ কেনেকৈ এপাল বান্দৰ সেই ঘৰটোত আহিছিল৷ কেনেকৈ ধুৰন্দৰৰ ওপৰত আক্ৰমণ চলাইছিল৷ আৰক্ষী সুত্ৰৰ পৰা জনোৱা খবৰ অনুসৰি ঘৰৰ কাষৰ পৰাই শিশুকন্যাগৰাকীক লৈ গৈছিল ধুৰন্দৰটোৱে৷ চিচিটিভি কেমেৰাৰ ফুটেজ চায়েই অভিযুক্তক বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে৷
বৰ্তমানো অভিযুক্তৰ কোনো পৰিচয় অৱশ্যে লাভ কৰা নাই৷ যিগৰাকী শিশুকন্যা বা তেওঁৰ পৰিয়ালেও সেই ধুৰন্দৰক চিনি নাপায় বুলি জনাইছে৷ কন্যাগৰাকীৰ পিতৃয়ে কয়, ‘সেই ব্যক্তিয়ে কন্যাক হত্যা কৰাৰ ধমকীও দিছিল৷ বান্দৰকেইটা নাহিলে আমি হয়তো কন্যাক ঘূৰাই নাপালোহেতেন৷’ বাঘপত আৰক্ষীৰ চাৰ্কল অফিচাৰ হৰিছ ভাদোৰিয়াই কয়, ‘কন্যাগৰাকীৰ পৰিয়ালৰ পৰা এফআইআৰ দিয়া হৈছে৷ অভিযোগৰ ভিত্তিত ঘটনাৰ তদন্তও আৰম্ভ হৈছে৷ অভিযুক্তক বিচাৰি তালাছি অভিযান চলি আছে৷ পকছো আইনৰ অধীনত অজ্ঞাতপৰিচয় সেই ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷’ এই খবৰ প্ৰকাশ্যে আহোতেই হৈ চৈ লাগিছে সৰ্বত্ৰতে৷ নেটিজেনে বান্দৰৰ বিচক্ষণতাক লৈ আলোচনাও চলাইছে৷ প্ৰশ্ন উঠিছে, ‘বান্দৰ পশুৱেই যদি অপৰাধ বুজি পায় আমি মানুহবোৰৰ কিয় ইমান নাৰকীয় মানসিকতা?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ