এক পাষাণ মাতৃৰ ভয়ানক কাণ্ড পোহৰলৈ আহিছে৷ এগৰাকী মহিলাই নিজৰে আঢ়ৈ মহীয়া কন্যা সন্তানক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে৷ অৱশ্যে চিকিৎসকৰ তৎপৰতাত নৱজাতিকাৰ প্ৰাণৰক্ষা পৰে৷
ঘটনাৰ বিৱৰণীৰ মতে ৰাজস্থানৰ ঝুনঝুণুত এগৰাকী মাতৃয়ে আঢ়ৈ মহীয়া নিজৰ কন্যাক ডিঙি চেপি হত্যা কৰাৰ চেষ্টা চলাইছিল। সমগ্ৰ ঘটনাটো চিকিৎসালয়খনৰ চিচিটিভিত বন্দী হয়। এই সমগ্ৰ দৃশ্য চিকিৎসালয়খনৰ চিচিটিভিৰ কেমেৰাত বন্দী হয়৷ মহিলাগৰাকীৰ এনে কাণ্ড প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰাৰ লগতে নৱজাতিকাটিৰ প্ৰাণৰক্ষা কৰে৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত অভিযুক্ত মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঝুনঝুনুৰ বুহানাৰ সাংগা গাঁৱৰ বাসিন্দা ২৪ বছৰীয়া মহিলা সুমনে প্ৰায় আঢ়ৈ মাহৰ পূৰ্বে এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে৷ ইয়াৰ পাছত কন্যা শ্ৰেয়াৰ শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাত চিকিৎসাৰ বাবে নৰনৌলৰ এখন শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ যোৱা ২ ছেপ্টেম্বৰৰ পৰা মাতৃ সুমনে নৱজাতিকাৰ সৈতে চিকিৎসালয়ত আছিল।
লগতে পঢ়ক ‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?
১০ ছেপ্টেম্বৰত কন্যাটিৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাত মাতৃ সুমনক গাখীৰ খুৱাবলৈ দিয়া হয়। কিন্তু কিছু সময়ৰ পাছতে কন্যাটিৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিল। ইয়াৰ পাছত মহিলাগৰাকীৰ শাহুৱেকে চিকিৎসকক মাতে আনে৷ চিকিৎসকে আহি নৱজাতিকাটিক পৰীক্ষা কৰি দেখে যে হৃদস্পন্দন পুনৰ কমি আহিছে।
নৱজাতিকাৰ স্বাস্থ্য সম্পূৰ্ণ ভাল অহাৰ পিছতো পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত আচৰতি হৈ পৰে চিকিৎসকল৷ চিকিৎসকৰ মনত মাতৃৰ প্ৰতি সন্দেহ উপজাত চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰে৷ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি চিকিৎসকসল হতভম্ব হৈ পৰে৷ ফুটেজত স্পষ্টভাৱে দেখা যায় যে মহিলাগৰাকীয়ে নৱজাতিকাৰ ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰিছিল৷
লগতে পঢ়ক চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা
ইয়াৰ পাছত লগে লগে চিকিৎসক আৰু মহিলাগৰাকীৰ শাহুৱেকে শিশুটিক মাতৃৰ পৰা পৃথক কৰে। ঘটনাৰ সন্দৰ্ভত চিকিৎসকসকলে মাতৃগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে অভিযুক্ত মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ইফালে জানিব পৰা মতে তিনি বছৰ পূৰ্বে সুমন আৰু চুণুৰ বিয়া হৈছিল। যোৱা ২০ জুনত জন্ম হোৱা ভুক্তভোগী কন্যা সন্তানটি তেওঁলোকৰ প্ৰথম সন্তান৷ মাতৃ সুমনে কন্যা সন্তানৰ পৰিৱৰ্তে পুত্ৰ সন্তানহে বিচাৰছিল৷ আনহাতে কন্যাটিৰ শাৰীৰিক অসুস্থতাইও মাতৃ সুমনক হতাশ কৰি তুলিছিল আৰু ইয়াৰ বাবেই কন্যাটিক ডিঙি চেপি হত্যাৰ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ