অসম চৰকাৰৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰক্ৰিয়াত এজন প্ৰাক্তন বিধায়কৰ নেতৃত্বত চাকৰিৰ দৰ দাম উঠাৰ বিস্ফোৰক অভিযোগ কৰি গ্ৰেপ্তাৰ বৰণ কৰা ভিক্টৰ দাস নামৰ মাতৃয়ে আজি সংবাদ মাধ্যমৰ আগত নিজৰ পুত্ৰক হত্যাকাৰী অথবা অপৰাধী নহয় বুলি মন্তব্য কৰিছে৷
ভিক্টৰ দাসৰ মাতৃয়ে আৰক্ষীৰ জিম্মাত থকা নিজ পুত্ৰক সাক্ষাৎ কৰি অহাৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাতৃয়ে কয় যে তেওঁৰ পুত্ৰ ভিক্টৰ দাস কোনো হত্যাকাৰী বা অপৰাধী নহয়৷ কাৰোবাক সহায় কৰিবলৈ গৈ সি আৰক্ষীৰ জিম্মাত থকাৰ কাৰণে মাতৃ হিচাপে মোৰ সদায় দুখ থাকিব৷ কিন্তু তাৰ সেই কষ্টৰ বিনিময়ত কাৰোবাৰ সহায় হ’লে মোৰ কষ্ট লাঘৱ হ’ব বুলিও মন্তব্য কৰে ভাস্কৰৰ মাতৃয়ে৷
লগতে পঢ়ক জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?
পুত্ৰ ভিক্টৰ দাসে পাব্লিচিটি ষ্টানৰ বাবে এই কাম কৰা নাই৷ সি কোনো পলিটিকেল লিডাৰ নহয় যে ষ্টান কৰিব৷ নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হওক বুলিহে ভিক্টৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলিও ভিক্টৰ দাসৰ মাতৃয়ে কয়৷
‘‘ষ্টান শব্দটো আপোনালোকেও ব্যৱহাৰ নকৰিব৷ ষ্টানৰ বাবে সি এনে কোনো কাম কৰা নাই৷ কেৱল নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ বাবেহে এই কাম কৰিছে৷’’ ভিক্টৰৰ মাতৃয়ে সংবাদ মাধ্যমক উদ্দেশ্য কৰি কয়৷
ইফালে আৰক্ষীয়ে ভিক্টৰ দাসৰ পৰিয়ালক এতিয়ালৈকে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই বুলিও স্পষ্টভাৱে প্ৰকাশ কৰিছে ভিক্টৰ দাসৰ মাতৃয়ে৷ উল্লেখ্য যে ভিক্টৰ দাসে এই বিস্ফোৰক অভিযোগ উত্থপান কৰাৰ পাছতে যোৱা শুকুৰবাৰে নিশা পাণ বজাৰ আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ