কি অদ্ভুত! এটা কুকুৰৰ বাবেই দুই দেশৰ মাজত যুদ্ধ! কুকুৰৰ বাবেও বিশ্বৰ দুই দেশৰ মাজত চলিছিল দীঘলীয়া যুদ্ধ।
মানৱ সভ্যতাৰ বিকাশৰ সমান্তৰালকৈ আছে যুদ্ধও। যুদ্ধ কিয় হয়? বৰ্তমানলৈ ইয়াৰ সঠিক উত্তৰ হয়তো কোনেও দিয়া নাই। যুদ্ধৰ দাৱানলে বহুৱাৰ কপাঁইছে বিশ্বক। কেতিয়াবা যদি যুদ্ধৰ কাৰণ প্ৰতিশোধ, কেতিয়াবা অদম্য জেদ, কেতিয়াবা আকৌ সাম্ৰাজ্য বৃদ্ধিৰ লালসা, কেতিয়াৱা ধৰ্ম। কেতিয়াৱা আকৌ এনে কাৰণতো যুদ্ধ হৈছে যিসমূহ কাৰণে লজ্জিত কৰিছে মানৱজাতিক।
মানৱজাতিক লজ্জানত কৰি তেনে এখন যুদ্ধ বুলগেৰিয়া আৰু গ্ৰীচৰ মাজতো সংঘটিত হৈছিল। এসময়ত বুলগেৰিয়া আৰু গ্ৰীচ দুয়োখন দেশেই অটোমান সাম্ৰাজ্যৰ অধীন আছিল। দুয়োখন দেশেই স্বাধীন সাৰ্বভৌম দাবীত যুদ্ধত লিপ্ত হ’ল। দুয়োখন দেশৰ মাজতেই মেছিডোনিয়া আৰু পশ্চিম থ্ৰেছেৰ অধিকাৰৰ দাবীত যুদ্ধ চলিছিল। এই গৃহ যুদ্ধ চলি থকাৰ সময়তে আৰম্ভ হ’ল প্ৰথম বিশ্বযুদ্ধ। সেয়াই সুযোগ। য’ত দুয়োখন দেশেই দুই বিৰোধী শিৱিৰেৰে মিত্ৰতা কৰিলে।
লগতে পঢ়ক পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা
প্ৰথম বিশ্বযুদ্ধৰ সামৰণিৰ সময়। ১৯২৫ চনৰ ১৮ অক্টোবৰ। সেই সময়খিনিত দুয়োখন দেশৰ সীমান্তৱৰ্তী এলেকাত কুকুৰ এটাক এজন গ্ৰীক সীমান্তৰক্ষীয়ে ফুৰাবলৈ নিছিল। কিন্তু হঠাতেই হাতৰ পৰা এৰ খাই কুকুৰটোৱে দৌৰিবলৈ ধৰে। কুকুৰটোৰ পিছে পিছে ৰক্ষীজনেও দৌৰ দিয়ে।
এইদৰে কুকুৰটোৱে গ্ৰীক সীমান্ত পাৰ হৈ বুলগেৰিয়াত প্ৰৱেশ কৰে। কিন্তু বুলগেৰিয়াত প্ৰৱেশৰ মুহূৰ্ততেই কুকুৰটোৰ সৈতে ৰক্ষীগৰাকীলৈ লক্ষ্য কৰি বুলগেৰিয়ান সীমান্তৰক্ষীয়ে গুলীচালনা কৰে। কুকুৰটোৰ সৈতে ৰক্ষীগৰাকীৰ দেহো সীমান্তৰক্ষীৰ গুলীত থকাসৰকা হয়। গ্ৰীচৰ সীমান্তৰক্ষীয়ে সহকৰ্মীৰ এই অপমৃত্যু কেনেকৈ সহে! লগে লগেই গ্ৰীক সীমান্তৰক্ষীয়েও বুলগেৰিয়াৰ সীমান্তৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।
লগতে পঢ়ক বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা
অৱশ্যে গ্ৰীকসেনাই এই বিষয়টোক আৰু বাঢ়িবলৈ নিদি নিজেই ক্ষমা খোজাৰ সিদ্ধান্ত লয়। পিছে বুলগেৰিয়াই কোনোধৰণৰ ক্ষমা প্ৰাৰ্থনাৰ বাবে ৰাজী নহল। অৱশেষত এই ঘটনাক কেন্দ্ৰ কৰিয়েই ২২ অক্টোৱৰ তাৰিখে আনুষ্ঠানিকভাৱে দুয়োখন দেশৰ মাজত যুদ্ধ ঘোষণা হয়।
এই যুদ্ধত বুলগেৰিয়াৰ সীমান্তৱৰ্তী পেট্ৰিছ চহৰৰ লগে বহুকেইখন ঠাই মৃত্যু উপত্যকাত পৰিণত হ’ল। এটা কুকুৰক কেন্দ্ৰ কৰিয়েই হোৱা যুদ্ধত প্ৰাণ হেৰুৱালে বহু নিৰীহ লোকেও। অৱশেষত লিগ অৱ নেশ্যনেলে এই যুদ্ধ বন্ধৰ বাবে আহ্বান কৰে। লিগ অৱ নেশ্যনেলৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই দুয়োখনেই দেশেই যুদ্ধ বন্ধ কৰে। কিন্তু এই যুদ্ধ ইতিহাসৰ পাতত এক কলংকিত যুদ্ধ বুলি আজিও সোঁৱৰে গ্ৰীক আৰু বুলগেৰিয়ানবাসীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ